বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছৰে পৰা ইউনুছ চৰকাৰৰ দিনত হিন্দুসকলৰ বিৰুদ্ধে হিংসা অব্যাহত আছে। বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়তো লক্ষ্য কৰি লোৱা হৈছিল ভাৰতীয় দূতাবাস।
১২ ফেব্ৰুৱাৰীত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত বসবাস কৰা ভাৰতীয়ৰ ওপৰত আক্ৰমণৰ আশংকা কৰা হৈছে। এই সম্ভাৱ্য আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।
বাংলাদেশৰ ভাৰতীয়ৰ ওপৰত হিংসাৰ ভাবুকিৰ মাজতে ভাৰত চৰকাৰে দেশৰ ভাৰতীয় কূটনীতিবিদ আৰু বিষয়াসকলৰ পৰিয়ালক ভাৰতলৈ উভতি আহিবলৈ পৰামৰ্শ দিয়ে। ভাৰতে বাংলাদেশক ভাৰতীয় কূটনীতিবিদসকলৰ বাবে নন-ফেমিলি পোষ্টিং হিচাপে লোৱাৰ সিদ্ধান্ত লৈ বাংলাদেশৰ মিছন আৰু ডাক বিষয়াৰ ওপৰত নিৰ্ভৰশীল লোকসকলক গৃহভূমিলৈ উভতিলৈ পৰামৰ্শ দিছে। এজন জ্যেষ্ঠ বিষয়াৰ মতে, চুবুৰীয়া দেশত সাম্প্ৰদায়িক কাণ্ড বৃদ্ধি পোৱাৰ ফলত সংখ্যালঘুৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰাৰ বাবে এই পদক্ষেপ সতৰ্কতামূলক ব্যৱস্থা হিচাপে গ্ৰহণ কৰা হৈছে।
বিগত মাহত চট্টগ্ৰামত হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। সংখ্যালঘূৰ ওপৰত আক্ৰমণৰ ভাবুকিয়ে কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ তথ্য অনুসৰি ডিচেম্বৰৰ পৰা বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ প্ৰায় ১২ জনকৈ লোকক হত্যা কৰা হৈছে। এনে পৰিস্থিতিৰ মাজতো বাংলাদেশৰ পাঁচোটা কূটনৈতিক মিছনে পূৰ্ণ শক্তিৰে কাম কৰি যাব। বিশেষকৈ উচ্চায়ুক্ত আৰু আন চাৰিটা পদ কাৰ্যক্ষম হৈ থাকিব। চট্টগং, খুলনা, ৰাজশাহী, আৰু চিলেট পোষ্ট খোলা থাকিব।
অৱশ্যে কূটনীতিবিদসকলৰ পৰিয়াল কেতিয়ালৈ ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা আছে সেই সন্দৰ্ভত কোনো তথ্য নাই। সোমবাৰে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে যোৱা বছৰৰ আৰক্ষীৰ অভিলেখৰ আনুষ্ঠানিক পৰ্যালোচনা প্ৰতিবেদন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে, য’ত সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যৰ সৈতে জড়িত ৬৪৫টা কাণ্ডৰ নথিভুক্ত কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে ৭১টা ঘটনা সাম্প্ৰদায়িক উপাদানৰ সৈতে জড়িত বুলি চিনাক্ত কৰা হৈছে। আনহাতে ৫৭৪টা কাণ্ডক অসাম্প্ৰদায়িক প্ৰকৃতিৰ বুলি গণ্য কৰা হৈছিল।










