বাংলাদেশত অব্যাহত আছে হিন্দুৰ ওপৰত অত্যাচাৰ। শেহতীয়া ঘটনাত নাৰ্চিংডি জিলাৰ গেৰেজৰ ভিতৰত ২৩ বছৰীয়া হিন্দু যুৱকক জ্বলাই হত্যা কৰা হৈছে। এই পৰিকল্পিত হত্যাকাণ্ডই বাংলাদেশৰ সংখ্যালঘুসকলৰ সুৰক্ষাক লৈ নতুন চিন্তাৰ সৃষ্টি কৰিছে।
এক বাতৰি অনুসৰি নিহত যুৱকজনৰ নাম চঞ্চল চন্দ্ৰ ভৌমিক, যিয়ে কেইবাবছৰ ধৰি গেৰেজত কাম কৰি আহিছিল। মূলতঃ কুমিলা জিলাৰ লক্ষ্মীপুৰ গাঁৱৰ তেওঁ কৰ্মসূত্ৰে নাৰ্চিংডিত বাস কৰিছিল।
নাৰ্চিংডি আৰক্ষী লাইনৰ গাতে লাগি থকা মছজিদ বজাৰ অঞ্চলৰ সমীপত সংঘটিত হয় এই ঘটনা। প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় সূত্ৰৰ মতে, শুকুৰবাৰে গভীৰ নিশা চাঞ্চল গেৰেজত শুই থকা অৱস্থাত সংঘটিত হয় এই আক্ৰমণ। আক্রমণকাৰীয়ে বাহিৰৰ পৰা দোকানৰ শ্বাটাৰত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰাৰ ফলত ভিতৰৰ জুইৰ শিখা দ্রুতগতিত বিয়পি পৰা বুলি অভিযোগ উত্থাপন হৈছে৷ ঘটনাৰ এটা ভিডিঅ’ত দেখা গৈছে যে দোকানৰ বাহিৰত এজন লোকে অগ্নি সংযোগ কৰে, তাৰ পিছত কিছু মুহূৰ্তৰ ভিতৰতে গেৰেজলৈ এই অগ্নি বিয়পি পৰে।
স্থানীয় ৰাইজে লগে লগে অগ্নিনিৰ্বাপক বাহিনীক সতৰ্ক কৰি দিয়ে। ঘটনাস্থলীত নাৰ্চিংডি অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ প্ৰায় এঘণ্টাৰ পিছত অগ্নি নিয়ন্ত্ৰণলৈ আনে। জুই নিৰ্বাপনৰ পিছত গেৰেজৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে চাঞ্চলৰ জ্বলি যোৱা মৃতদেহ। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দীৰ্ঘদিন ধৰি অগ্নিত আৱদ্ধ হৈ থকাৰ ফলত তেওঁৰ যন্ত্ৰণাদায়ক মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰা হৈছে আৰু চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা হৈছে। স্থানীয় হিন্দু সম্প্ৰদায়ৰ নেতাসকলে এই নৃশংস হত্যাকাণ্ডক তীব্ৰ গৰিহণা দি দোষীক ক্ষিপ্ৰতাৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। লগতে অঞ্চলটোৰ সংখ্যালঘুসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে প্ৰশাসনক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।










