বাংলাদেশৰ ক্ষমতা পৰিবৰ্তনৰ লগে লগে ভাৰত আৰু চুবুৰীয়া দেশৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ইতিবাচক পদক্ষেপ দেখা গৈছে। বাংলাদেশৰ সকলো ভিছা সেৱা পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰত। শেহতীয়াকৈ বিএনপি দলৰ তাৰিক ৰহমানে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰে।
বাংলাদেশৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি চিলেটত ভাৰতৰ জ্যেষ্ঠ কনছুল অনিৰুদ্ধ দাসে কয় যে সকলো ভিছা সেৱা সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। চিলেট জিলা প্ৰেছ ক্লাৱত দাসে কয় যে, মেডিকেল আৰু ডাবল এণ্ট্ৰি ভিছা প্ৰদান কৰা হৈছে। ট্ৰেভেল ভিছাকে ধৰি অন্যান্য শিতানসমূহ পুনৰ আৰম্ভ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
চিলেটত থকা ভাৰতীয় সহকাৰী উচ্চায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে, ভিছা সেৱা পুনৰ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন দেশৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ আশ্বাস দিয়া হৈছে। তেওঁ উল্লেখ কৰে যে, ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক পাৰস্পৰিক সন্মান আৰু মৰ্যাদাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁ লগতে কয় যে, দুয়োখন দেশৰ জনসাধাৰণেই সুস্থিৰ, ইতিবাচক, গঠনমূলক, আৰু দীৰ্ঘম্যাদী, পাৰস্পৰিকভাৱে উপকাৰী সম্পৰ্কৰ মূল অংশীদাৰ হ’ব। তেওঁ কয় যে দুয়োখন দেশৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে আৰু একেলগে কাম কৰিব বিচাৰে।
সঁচাকৈয়ে ২০২৫ চনত শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পিছত বাংলাদেশত ভাৰতীয় ভিছা চেণ্টাৰসমূহে নিজৰ কাম-কাজ বন্ধ কৰি দিছিল, যাৰ ফলত দুয়োখন দেশৰ সম্পৰ্ক তিক্ত হৈ পৰিছিল। ছাত্ৰ নেতা ওছমান হাদীৰ মৃত্যুৰ পিছত বাংলাদেশত ধাৰাবাহিকভাৱে প্ৰতিবাদ আৰম্ভ হয়। এই সময়ছোৱাত প্ৰতিবাদে ভাৰত বিৰোধী ৰূপ ধাৰণ কৰে। ইয়াৰ কাৰণ আছিল ২০২৪ চনত বাংলাদেশত হোৱা প্ৰতিবাদ, যাৰ ফলত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিছিল আৰু তাৰ পিছত ভাৰতলৈ পলায়ন কৰিছিল। ভাৰতীয় ভিছা কেন্দ্ৰৰ এজন বিষয়াই উল্লেখ কৰিছে যে, যেতিয়াই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অৱনতি ঘটে বা নিৰাপত্তা পৰিস্থিতি শোচনীয় হয় তেতিয়াই ভিছা বন্ধ কৰিবলৈ বাধ্য হয়।
ইয়াৰ উপৰিও বাংলাদেশে জানুৱাৰী মাহত ভাৰতীয় নাগৰিকক ভিছা প্ৰদান বন্ধ কৰি দিছিল। তদুপৰি কলকাতা, মুম্বাই, চেন্নাইতো ইয়াৰ মিছন স্থগিত ৰখা হৈছিল। ব্যৱসায়িক আৰু নিয়োগ ভিছাৰ বাহিৰে সকলো ভিছা শিতান বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ পিছতে ২২ ডিচেম্বৰত নতুন দিল্লীৰ বাংলাদেশ উচ্চায়ুক্তৰ সমীপত প্ৰতিবাদৰ সময়ত ভিছা সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হয়।











