দুৰ্ধৰ্ষ অপৰাধী জেফ্ৰি এপষ্টেইনৰ ফাইলে সমগ্ৰ বিশ্বতে উত্তাল কৰি তুলিছে। এই সন্দৰ্ভত এতিয়াও বহু তথ্য ওলাই আছে।
এতিয়া ভাৰতৰ সৈতে জড়িত এক নতুন তথ্য পোহৰলৈ আহিছে। এই প্ৰকাশত এগৰাকী কিশোৰীৰৰ কথা উল্লেখ কৰা হৈছে যিগৰাকী জেফ্ৰি এপষ্টেইনৰ আক্ৰোশৰ বলি হৈছিল। এই তথ্য আমেৰিকাৰ ন্যায় বিভাগে নিজেই প্ৰদান কৰিছিল।
এক প্ৰতিবেদন অনুসৰি, ছবছৰ পূৰ্বে এটা ইমেইল লিখা হৈছিল। ইয়াত প্ৰকাশ পাইছে যে যৌন অপৰাধী এপষ্টেইনেও এগৰাকী ভাৰতীয় কিশোৰীকো নিজৰ লক্ষ্য কৰি লৈছিল৷ অৱশ্যে এই কিশোৰীগৰাকীৰ সৈতে জড়িত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। গোপনীয়তাৰ কাৰণে ইমেইলটোও লুকুৱাই ৰখা হৈছে।
এই ইমেইলটো ১৩ জানুৱাৰী, ২০২০ত লিখা হৈছিল। এই ইমেইলটোত এই গৰাকী কিশোৰীৰ কথা উল্লেখ আছে আৰু বৰ্তমান ভাৰতত থকাৰ কথা উল্লেখ কৰে।
ইয়াৰ পিছতে আমেৰিকাৰ ন্যায় বিভাগে কিশোৰীগৰাকীক ক্ষতিপূৰণ দিয়াৰ লগতে মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
আমেৰিকাত এই সুবিধা নিউয়ৰ্ক অফিচ অৱ ভিক্টিম চাৰ্ভিচেছৰ অধীনত প্ৰদান কৰা হয়। ইয়াৰ উপৰিও ইয়াৰ জৰুৰীকালীন ভুক্তভোগী সহায়ক পুঁজি আছে। আমেৰিকাৰ বিষয়াসকলে এতিয়া কিশোৰীগৰাকীৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছে।
এপষ্টেইন ফাইলছ হৈছে আমেৰিকাৰ যৌন অপৰাধৰ অন্ধকাৰ জগতখন উন্মোচন কৰা নথি-পত্ৰৰ ভঁৰাল। ইয়াত আমেৰিকাৰ এজন বিত্তীয় বিষয়া, উচ্চ পদস্থ ব্যক্তি আৰু দোষী সাব্যস্ত হোৱা শিশু যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত নথি-পত্ৰ আছে। ইয়াৰ ভিতৰত ইমেইল, বিমানৰ লগ, ফটোগ্ৰাফ, ভিডিঅ’ আদি অন্তৰ্ভুক্ত। তেওঁলোকে শোষণ, মানৱ সৰবৰাহৰ, শক্তিশালী ব্যক্তিৰ সৈতে এপষ্টেইনৰ সম্পৰ্কৰ তদন্ত কৰে।এপষ্টেইন ফাইলছ হৈছে ৩০ লাখ পৃষ্ঠাৰ এটা ফাইল।
২০২৫ চনত আমেৰিকাৰ কংগ্ৰেছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰিত এপষ্টেইন ফাইলছ ট্ৰেন্সপাৰেন্সি এক্ট গৃহীত কৰে। ইয়াৰ পিছত ২০২৬ চনৰ জানুৱাৰী মাহত এটা সম্পৰ্কীয় ফাইল মুকলি কৰা হয়। ইয়াত ৩০ লাখ পৃষ্ঠা, ২০০০ ভিডিঅ’, আৰু ১ লাখ ৮০ হাজাৰ ফটো আছে। আমেৰিকাৰ ন্যায় বিভাগে এই ফাইলসমূহ মুকলি কৰিছে।










