বাংলাদেশৰ অৱনতি ঘটা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। সোমবাৰে মমতা বেনাৰ্জীয়ে ভাৰত চৰকাৰক বাংলাদেশত শান্তি স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় লগতে নিৰ্যাতিত ভাৰতীয়সকলক তাৰ পৰা ঘূৰাই আনিবলৈ আহ্বান জনায়। তেওঁ বৈদেশিক মন্ত্ৰীক সংসদত বিবৃতি প্ৰকাশ কৰিবলৈও অনুৰোধ জনায়।
বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ চলি থকা ৰাজনৈতিক বিতৰ্কৰ মাজতে মমতা বেনাৰ্জীয়ে সমন্বয় আৰু ভাতৃত্ববোধক অগ্ৰাধিকাৰ দি সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰক আহ্বান জনায়। বিধানসভাত ভাষণ দি মমতা বেনাৰ্জীয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় বিষয়ত মন্তব্য কৰাটো তেওঁৰ অধিকাৰৰ বাহিৰত।
এই বিষয়টো বাংলাদেশ প্ৰশাসন আৰু ৰাষ্ট্ৰসংঘৰ সৈতে বৈদেশিক মন্ত্ৰালয়ে ল’ব লাগে বুলি কেন্দ্ৰক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। লগতে প্ৰয়োজন হ’লে আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰি বাংলাদেশত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ প্ৰচেষ্টা চলাব লাগে।
মমতাই নিৰ্যাতিত ভাৰতীয় নাগৰিকক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সীমান্তৰ সিটো পাৰে অধিক ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ১০ দিন মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰে বেনাৰ্জীয়ে।
মুখ্যমন্ত্ৰীৰ এই আবেদনক লৈ প্ৰশ্ন উত্থাপন কৰিলে বিজেপিয়ে। বিৰোধী দলপতি সুবেন্দু অধিকাৰীয়ে কয় যে, মমতা বেনাৰ্জীয়ে তেওঁৰ সাংসদসকলক এই বিষয়টো সংসদত উত্থাপন কৰিবলৈ নিৰ্দেশ দিব লাগে। তেওঁ ৰাজনীতিৰ ওপৰত উঠি বাংলাভাষী হিন্দুসকলৰ বাবে ইয়াক অস্তিত্ব সংকট বুলি অভিহিত কৰে।