বাংলাদেশৰ আভ্যন্তৰীণ চৰকাৰে শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰতিবাদত আৰক্ষী আৰু সেনাৰ কাৰ্য্যত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিবলৈ ওলাইছে। বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ উপদেষ্টা নাহিদ ইছলামে ঘোষণা কৰে যে, শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰতিবাদত প্ৰাণ হেৰুওৱা আৰু আহত হোৱাসকলক বাংলাদেশ চৰকাৰে ৬৩৭ কোটি টকা প্ৰদান কৰিব।
নিজৰ ফেচবুক একাউণ্টত এটা পোষ্টত তেওঁ কয় যে, চৰকাৰে প্ৰতিজন শ্বহীদৰ পৰিয়ালক ৩০ লাখ টকাকৈ দিব আৰু আহতসকলক ১ লাখ টকাৰ পৰা ৫ লাখ টকালৈকে ধন প্ৰদান কৰা হ’ব। চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ পৰা ২৩২.৬ কোটি টকা দিব আৰু বাকী ধন ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটৰ পৰা জুলাই মাহত আবণ্টন দিয়া হ’ব।
নাহিদ ইছলামে কয় যে, জানুৱাৰীৰ পৰা প্ৰতিজন শ্বহীদৰ পৰিয়ালে ১০ লাখ টকাৰ সঞ্চয়ৰ প্ৰমাণ পত্ৰ লাভ কৰিব, বাকী ২০ লাখ টকা জুলাই মাহত সঞ্চয়ৰ প্ৰমাণ পত্ৰ হিচাপে দিয়া হ’ব। নগদ ধন পৰিশোধৰ উপৰিও আহতসকলৰ চিকিৎসাৰ খৰচো চৰকাৰে বহন কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াৰ তত্বাৱধান জুলাইৰ গণ বিদ্ৰোহৰ গোচৰৰ চোৱাচিতা কৰা মুক্তি মন্ত্ৰালয়ৰ হাতত অৰ্পণ কৰা হৈছে।
বাংলাদেশত শ্বেখ হাছিনাৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদক বলপূৰ্বকভাৱে নোহোৱা কৰিবলৈ চেষ্টা কৰিছিল হাছিনা প্ৰশাসনে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ তথ্য অনুসৰি, ২০২৪ চনৰ ১৬ জুলাইৰ পৰা ১১ আগষ্টলৈকে এই প্ৰতিবাদত ৬৫০ জন লোকে প্ৰাণ হেৰুৱাইছিল।