শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছতেই বাংলাদেশত ক্ষমতালৈ অহা মহম্মদ ইউনুছৰ শাসনত প্ৰতিবাদকাৰীয়ে মুকলিকৈ অৰাজকতাত লিপ্ত হোৱা দেখা গৈছে। বুধবাৰে প্ৰতিবাদকাৰীয়ে বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ধনমণ্ডি-৩২ৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। আশ্চৰ্যজনক কথাটো হ’ল ছ’চিয়েল মিডিয়াত ‘বুলড’জাৰ ৰেলী’ ঘোষণাৰ পিছত এই অশান্তি সংঘটিত হয়।
এই ঘটনা সংঘটিত হোৱাৰ সময়ত তাত একাংশ নিৰাপত্তা বাহিনীও উপস্থিত আছিল, যিয়ে উন্মাদ প্ৰতিবাদকাৰীক সেই ঠাই এৰি যাবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু এই প্ৰচেষ্টা ব্যৰ্থ হয়। জানিব পৰা মতে, একাংশ দুষ্কৃতিকাৰীয়ে শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহ আৰু সংগ্ৰহালয়ত প্ৰৱেশ কৰে। ইয়াৰ পিছত তেওঁলোকে বেলকনিত উঠি এফালৰ পৰা সকলোবোৰ ভাঙি লণ্ড-ভণ্ড কৰি পেলায়।
জানিব পৰা মতে, তেওঁৰ ঘৰত অগ্নিও সংযোগ কৰি দিয়ে। ইয়াৰ বহু ভিডিঅ’ আৰু ছবি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অনলাইনযোগে ভাষণ দিছিল। ইয়াৰ বিৰুদ্ধে বাংলাদেশত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই ক্ষেত্ৰত প্ৰতিবাদকাৰীসকলে ধনমণ্ডী-৩২ত বুলড’জাৰ সমদল উলিয়াবলৈ ঘোষণা কৰিছিল। প্ৰথম অৱস্থাত প্ৰতিবাদকাৰীসকলে নিশা ৯ বজাত বুলডজাৰেৰে ঘৰ ভাঙি পেলোৱাৰ হুংকাৰ দিছিল।
অৱশ্যে প্ৰতিবাদকাৰীসকলে পৰিকল্পনা সলনি কৰি নিশা ৮ বজাত তাত উপস্থিত হয়। দেশৰ প্ৰতিষ্ঠাপকৰ বাসগৃহৰ মূল গেট ভাঙি ভিতৰলৈ সোমাই গৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰে। এক প্ৰতিবেদন অনুসৰি, প্ৰতিবাদকাৰীসকলে এই ঘৰটো একনায়কত্ববাদ আৰু ফেচিবাদৰ প্ৰতীক বুলি ঘোষণা কৰিছে।
বিক্ষোভৰ সময়ত শ্বেখ হাছিনাক ফাঁচী দিয়াৰো দাবী উত্থাপন হয়। ঘৰৰ দ্বিতীয় মহলালৈ আৰোহণ কৰে কেইবাজনো আক্ৰমণকাৰী। এই সময়ত বাংলাদেশৰ প্ৰতিষ্ঠাপকজনৰ ছবি আৰু ঘৰৰ অন্যান্য অংশ ধ্বংস কৰে। এই আক্ৰমণত একাধিক ঐতিহ্যমণ্ডিত সা-সম্পত্তিৰ বিপুল ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে।