বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ এখন পত্ৰ লিখি বাংলাদেশৰ ৰপ্তানিৰ ওপৰত আৰোপ কৰা কাউণ্টাৰ শুল্ক ৩ মাহৰ বাবে পিছুৱাই দিয়াৰ দাবী জনাইছে।
ইতিমধ্যে ট্ৰাম্প প্ৰশাসনে বাংলাদেশী সামগ্ৰীৰ ওপৰত ৩৭ শতাংশ শুল্ক আৰোপ কৰিছে, যি পূৰ্বৰ গড় ১৫ শতাংশ শুল্ক আছিল।
বাংলাদেশৰ মূল ৰপ্তানি সামগ্ৰী হৈছে ৰেডিমেড গাৰ্মেণ্টছ (আৰ এম জি)। যাৰ এক বৃহৎ অংশ আমেৰিকালৈ প্ৰেৰণ কৰা হয়। আমেৰিকালৈ বাংলাদেশৰ বাৰ্ষিক ৰপ্তানিৰ মূল্য প্ৰায় ৮.৪ বিলিয়ন ডলাৰ, মূলতঃ ৰেডিমেড কাপোৰেৰে গঠিত।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰা “পাৰস্পৰিক শুল্ক” নীতিৰ অধীনত দাবী কৰা হৈছিল যে বাংলাদেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৭৪ শতাংশ শুল্ক আৰোপ কৰে, যাৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে বাংলাদেশৰ ওপৰত ৩৭ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে এই হাৰত ৫০ শতাংশ ৰেহাই দিয়ে।
ইফালে, সোমবাৰে বিশ্বৰ শ্বেয়াৰ বজাৰত অৱনতি ঘটাৰ সময়তে ট্ৰাম্পে নিজৰ বিতৰ্কিত শুল্ক নীতিৰ পক্ষ লয়। তেওঁ কয় যে, বিশ্বৰ নেতাসকল প্ৰতিশোধমূলক শুল্ক সন্দৰ্ভত আলোচনা কৰিবলৈ সাজু।
২০২৪ চনৰ আগষ্ট মাহত অন্তৱৰ্তীকালীন চৰকাৰখনে ক্ষমতা দখল কৰাৰ পিছৰে পৰা বাংলাদেশৰ অৰ্থনীতিৰ যথেষ্ট অৱনতি ঘটিছে। ব্যৱসায়িক খণ্ডসমূহ সংকটৰ সন্মুখীন হোৱাৰ লগতে বহু বাণিজ্যিক আৰু উদ্যোগিক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে। ৰাজনৈতিক অস্থিৰতা আৰু বিকল্প অংশীদাৰ বিচৰা বিশ্ব খুচুৰা কোম্পানীসমূহে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত প্ৰভাৱ পেলাইছে। ইয়াৰ বাবে বাংলাদেশী উদ্যোগীসকলে কেঁচামাল আমদানি কৰাত অসুবিধাৰ সন্মুখীন হৈছে।
একে সময়তে পেণ্ডিং পেমেণ্ট আৰু দুৰ্বল কৰ্ম পৰিস্থিতিক লৈ কাপোৰৰ কাৰখানাৰ শ্ৰমিকৰ প্ৰতিবাদ আৰু ধৰ্মঘট সমগ্ৰ বাংলাদেশতে বিয়পি পৰিছে। বহু বাতৰিত প্ৰকাশ পাইছে যে, শ্ৰমিকৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবে বহু কাৰখানা বন্ধ হৈ পৰিছে আৰু বহু শ্ৰমিকে প্ৰাণ হেৰুৱাইছে বা গুৰুতৰভাৱে আহত হৈছে।
দেশখনৰ আগশাৰীৰ বাংলা দৈনিক কাকত প্ৰথম আলোৱে প্ৰকাশ কৰা অনুসৰি ৰাজহ সংগ্ৰহ, মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, ব্যক্তিগত বিনিয়োগ, মূলধনী সঁজুলিৰ আমদানি, মূলধনী বজাৰ আৰু বিদেশী বিনিয়োগ আদি অধিকাংশ অৰ্থনৈতিক সূচকে ভাল লক্ষণ দেখা পোৱা নাই। ঢাকাস্থিত চেণ্টাৰ ফৰ পলিচি ডাইলগ (চিপিডি)ৰ মতে, ৰাজনৈতিক আৰু প্ৰতিষ্ঠানিক স্থিতিশীলতা অবিহনে দেশখনে ঘৰুৱা আৰু বিদেশী বিনিয়োগ আকৰ্ষণ কৰিব নোৱাৰে।