হঠাতে কেইবাজনো আন্দোলনকাৰী ভাঙি পেলাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটি পুৰণি গৃহ। এই ঘটনাটো হৈছে বাংলাদেশৰ ছিৰাজগঞ্জৰ।
এই গৃহতে বহি ৰবীন্দ্ৰনাথ ঠাকুৰে বহুতো বিশ্ববিখ্যাত কবিতা লিখিছিল। তেওঁ বাংলাদেশৰ জাতীয় সংগীতো লিখিছিল যদিও চুবুৰীয়া ৰাষ্ট্ৰখনে তেওঁক সন্মান কৰা নাছিল। ‘আমাৰ সোনাৰ বাংলা’ নামেৰে ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা গীতটি বাংলাদেশে জাতীয় সংগীত হিচাপে মানি লৈছিল। এতিয়া এই দেশৰ আন্দোলনকাৰীয়ে তেওঁৰ এই পুৰনি গৃহটো ভাঙি পেলাইছে।
এক প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ ছিৰাজগঞ্জ জিলাত নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ পূৰ্বপুৰুষৰ গৃহত আন্দোলনকাৰীয়ে আক্ৰমণ চলায়। এতিয়া এই বিষয়টোৰ তদন্তৰ বাবে এখন তিনিজনীয়া কমিটীও গঠন কৰা হৈছে।
এক প্ৰতিবেদন অনুসৰি, যোৱা ৮ জুনত এজন ব্যক্তিয়ে পৰিয়ালৰ সৈতে ছিৰাজগঞ্জৰ কাছৰিবাৰীত অৱস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ সংগ্ৰহালয় পৰিদৰ্শন কৰিবলৈ আহিছিল।পাৰ্কিং মাচুলৰ বাবে তাত কাম কৰা লোকসকলৰ সৈতে তেওঁ কাজিয়াত লিপ্ত হয়। পিছত তেওঁ দাবী কৰে যে তেওঁক মাৰপিট কৰি এটা কোঠাত আবদ্ধ কৰি ৰখা হৈছে। এই বিষয়ে তথ্য লাভ কৰাৰ পিছতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষুব্ধ দলটোৱে প্ৰথমে সংগ্ৰহালয়ত আক্ৰমণ কৰাৰ লগতে আন স্থানসমূহো ভাঙি লণ্ড-ভণ্ড কৰে।
মন কৰিবলগীয়া যে, এই স্থান কাছাৰীবাৰী ঠাকুৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ বাসস্থান হৈ আহিছে। এই গৃহ ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাবে অতি বিশেষ, কিয়নো তেওঁ সেইগৃহত থাকিয়েই বহু বিশ্ববিখ্যাত গ্ৰন্থ ৰচনা লিখিছিল।
তথ্য অনুসৰি, এই ঘটনাৰ পিছত পুৰাতত্ত্ব বিভাগে এই আক্ৰমণৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰিছে। যাৰ বাবে কিছুদিনৰ পৰা বাহিৰৰ লোকৰ বাবে ইয়াত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।