পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি বাতিল কৰি পাকিস্তানক এসেকা দিছিল। বৰ্তমান ভাৰতে বাংলাদেশক পানীৰে আঘাত কৰিবলৈ সাজু হৈছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি, নতুন দিল্লী আৰু ঢাকাৰ মাজত দশক দশক পুৰণি গংগা জল সন্ধিৰ ম্যাদ উকলি যোৱাৰ উপক্ৰম হৈছে।
ভাৰতে পুৰণি চৰ্তৰ ভিত্তিত ১৯৯৬ চনৰ গংগা জল সন্ধি নবীকৰণৰ পক্ষত নহয় বুলি স্পষ্ট ইংগিত দিছে। সূত্ৰ অনুসৰি, ভাৰতে বাংলাদেশক অনানুষ্ঠানিকভাৱে অৱগত কৰিছে যে চুক্তিখন নবীকৰণৰ বাবে নতুন চৰ্ত আৰু নিয়ম নিৰ্ধাৰণ কৰা হ’ব, যিবোৰ সাম্প্ৰতিক পৰিস্থিতি আৰু পৰিৱৰ্তিত জলবায়ুৰ আৰ্হিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হ’ব।
ভাৰতৰ এই পৰিৱৰ্তিত স্থিতিৰ ফলত বাংলাদেশৰ ইউনুছ চৰকাৰ আৰু তাত থকা প্ৰশাসনিক কাৰ্যত অশান্তি বাঢ়িছে। শেহতীয়াকৈ বাংলাদেশে ধাৰাবাহিকভাৱে ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে। এনে পৰিস্থিতিত ভাৰতৰ এই সিদ্ধান্তক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
গংগা জল সন্ধি কি?
১৯৯৬ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱে গৌড়া আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত স্বাক্ষৰিত হৈছিল গংগা জল সন্ধি। এই চুক্তিৰ অধীনত এই সিদ্ধান্ত লোৱা হৈছিল যে খৰালি কালত (জানুৱাৰীৰ পৰা মে’লৈ) যদি ফাৰক্কা বেৰেজত পানীৰ প্ৰবাহ ৭৫,০০০ কিউচেক বা তাতকৈ কম হয়, তেন্তে ৩৫,০০০ কিউচেক পানী ভাৰত আৰু বাংলাদেশৰ বাবে সমানে উপলব্ধ কৰা হ’ব। যদি পানীৰ সোঁত ইয়াতকৈ অধিক হয়, তেন্তে ৪০ হাজাৰ কিউচেক ভাৰতক আৰু বাকী অংশ বাংলাদেশক দিয়া হ’ব।
এই চুক্তি ৩০ বছৰ ধৰি বৈধ আছিল আৰু এতিয়া ২০২৬ চনত ইয়াৰ ম্যাদ উকলি যাব, কিন্তু ভাৰতে স্পষ্ট কৰি দিছে যে এনে দীৰ্ঘম্যাদী সন্ধি এতিয়া নহ’ব।
সূত্ৰই জনোৱা অনুসৰি, বিগত ৩০ বছৰত জলবায়ু পৰিৱৰ্তন, বৰষুণৰ ধৰণ আৰু জলসিঞ্চনৰ প্ৰয়োজনীয়তাৰ ব্যাপক পৰিৱৰ্তন হৈছে। পশ্চিম বংগত কৃষিৰ বাবে পানীৰ চাহিদা বৃদ্ধি পোৱাৰ বিপৰীতে কলকাতা বন্দৰৰ জলস্তৰ অটুট ৰাখিবলৈও পৰ্যাপ্ত পানীৰ প্ৰবাহৰ প্ৰয়োজন। এনে পৰিস্থিতিত পুৰণি চুক্তিৰ চৰ্তসমূহ এতিয়া ব্যৱহাৰিক নহয়। পানী ভাগ-বতৰা কৰাৰ বাবে নতুন চৰ্ত নিৰ্ধাৰণ কৰা হ’ব।
ভাৰতে বিচাৰে যে ১৫ বছৰৰ বাবে নতুন চুক্তি হওক, য’ত পানীৰ ভাগ-বতৰা কৰাৰ নতুন সূত্ৰৰ সিদ্ধান্ত লোৱা উচিত। ইয়াৰ উপৰিও বাংলাদেশৰ কিছু ভাৰত বিৰোধী মনোভাৱ আৰু নীতিও ভাৰতৰ কঠোৰ স্থিতিৰ অন্যতম কাৰণ বুলি বিবেচিত হৈছে।
পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত অৱস্থিত ফৰাক্কা বেৰেজে গংগা নদীক দুটা ধাৰাত বিভক্ত কৰিছে – এখন নৈ ভাৰতত হুগলী নদী হিচাপে আৰু আনখন বাংলাদেশত পদ্ম নদী হিচাপে বৈছে। ১৯৫০ চনত ভাৰতে ফাৰাক্কা বেৰেজ নিৰ্মাণৰ কাম আৰম্ভ কৰে যাতে কলকাতা বন্দৰৰ জলস্তৰ বজাই ৰাখিব পৰা যায় আৰু পশ্চিম বংগৰ জল সংকটৰ সৈতে মোকাবিলা কৰিব পৰা যায়।
ভাৰতৰ স্থিতিৰ পৰিৱৰ্তনৰ খবৰ পোৱাৰ পিছত ঢাকাত ৰাজনৈতিক আৰু কূটনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে। বাংলাদেশৰ ইউনুছ চৰকাৰে আশংকা কৰিছে যে যদি ভাৰতে পানীৰ প্ৰবাহৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি কৰে, তেন্তে বাংলাদেশৰ বহু ঠাইত খৰালি কালত পানীৰ সংকট গভীৰ হ’ব পাৰে, যাৰ ফলত কৃষি উৎপাদন, খোৱাপানী যোগান আৰু পৰিৱেশৰ অৱস্থাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব।
বিশেষজ্ঞসকলৰ মতে ভাৰত আৰু বাংলাদেশৰ মাজত গংগা পানীৰ ভাগ-বতৰা সন্দৰ্ভত নতুন চুক্তি সম্ভৱ হ’ব যেতিয়া দুয়ো পক্ষই পৰিৱৰ্তিত পৰিৱেশ আৰু ভূ-ৰাজনৈতিক বাস্তৱতাক গ্ৰহণ কৰে।