বাংলাদেশৰ ইউনুছ চৰকাৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে সমালোচকসকলৰ বিৰুদ্ধে। এজনৰ পিছত আনজনকৈ সমালোচকক গ্ৰেপ্তাৰ কৰিছে ইউনুছ চৰকাৰে। এই খণ্ডত বাংলাদেশ আৰক্ষীয়ে আবু আলম শ্বাহিদ খানক গ্ৰেপ্তাৰ কৰিছে। বাংলাদেশ আৰক্ষীয়ে নিজেই এই তথ্য দিছে।
আবু আলম শ্বাহিদ খান ১৯৭১ চনৰ মুক্তিযুদ্ধৰ যোদ্ধা আৰু এজন প্ৰাক্তন আমোলা। তেওঁ মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান সমালোচক হিচাপে পৰিগণিত হৈছে। ঢাকা মহানগৰ আৰক্ষীৰ চোৰাংচোৱা শাখাই শ্বাহবাগ থানাত ৰুজু হোৱা গোচৰত খানক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীয়ে অভিযোগৰ কথা উল্লেখ কৰা নাই আৰু গ্ৰেপ্তাৰৰ সময় আৰু স্থানৰ কথাও উল্লেখ কৰা নাই। তেওঁৰ গ্ৰেপ্তাৰক লৈও যথেষ্ট সমালোচনা কৰা হৈছে ইউনুছ চৰকাৰক।
বিবৃতিটোত কোৱা হৈছে যে, একেটা অভিযানতে আন ৫জন লোককো গ্ৰেপ্তাৰ কৰা হৈছে, কিয়নো তেওঁলোক হঠাতে হোৱা প্ৰতিবাদৰ সৈতে জড়িত আছিল। এনে প্ৰতিবাদৰ আয়োজন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভংগ হোৱা বৰ্তমানৰ আৱামী লীগৰ কৰ্মীসকলে।
আৰক্ষীয়ে জনোৱা মতে, লোককেইজনে ভেঙুচালি কৰাৰ চেষ্টা আৰু জনশৃংখলা বিঘ্নিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। বাংলাদেশ চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব খানে বিগত কেইমাহমানৰ পৰা ছ’চিয়েল মিডিয়াত অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰি আহিছে। যোৱা কেইটামান সপ্তাহত গ্ৰেপ্তাৰ হোৱা অন্তৱৰ্তীকালীন চৰকাৰৰ চতুৰ্থজন বিশিষ্ট সমালোচক। বিগত কেইদিনমানৰ পৰা সমগ্ৰ বাংলাদেশত গ্ৰেপ্তাৰ হৈছে।