বাংলাদেশৰ ৰাজনীতিৰ প্ৰবীণ ব্যক্তি তথা দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াই ৩০ ডিচেম্বৰত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত খালেদা জিয়া ঢাকাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
বিএনপিৰ তথ্য অনুসৰি খালেদা জিয়া লিভাৰ চিৰ’ছিছ, বাতবিষ, ডায়েবেটিছ, বুকু আৰু হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছিল। দীৰ্ঘদিন ধৰি তেওঁৰ অৱস্থা সংকটজনক হৈ আছিল আৰু তেওঁক বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছিল।
অবিভক্ত দিনাজপুৰ জিলাৰ অন্তৰ্গত পশ্চিম বংগৰ জলপাইগুৰিত ১৯৪৬ চনত খালেদা জিয়াৰ জন্ম হৈছিল। বাংলাদেশৰ ৰাজনীতিত এক শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰাৰ লগতে ১৯৯১ চনৰ পৰা তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি গণতান্ত্ৰিকভাৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা।
১৯৮১ চনত হত্যা কৰা বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ সৈতে খালেদা জিয়াৰ বিবাহ হয়। জিয়াউৰ ৰহমান ৰাষ্ট্ৰপতি হোৱাৰ পিছত খালেদা জিয়া দেশৰ প্ৰথম মহিলা হিচাপে পৰিগণিত হয়। তেওঁৰ মৃত্যুৰ পিছতহে খালেদা জিয়াই সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে।
স্বামীৰ মৃত্যুৰ পিছত খালেদা জিয়াই বাংলাদেশ জাতীয়তাবাদী পাৰ্টিত সাধাৰণ সদস্য হিচাপে যোগদান কৰে। ১৯৮৩ চনত তেওঁ দলৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি লাভ কৰে আৰু এবছৰৰ পাছত বিএনপিৰ অধ্যক্ষ নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত তেওঁ দলটোক গঢ় দি বাংলাদেশৰ ৰাজনীতিত এগৰাকী শক্তিশালী বিৰোধী ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰে।
১৯৮৩ চনত গঠন হোৱা সাতদলীয় মিত্ৰতাৰ মূল স্থপতি হিচাপে খালেদা জিয়াক গণ্য কৰা হয়।এই মিত্ৰতাৰ উদ্দেশ্য আছিল তেতিয়াৰ সামৰিক শাসক জেনেৰেল হুছেইন মহম্মদ এৰছাদৰ শাসনৰ অন্ত পেলোৱা। তেওঁৰ নেতৃত্বত চলা আন্দোলনক বাংলাদেশৰ গণতান্ত্ৰিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে গণ্য কৰা হয়।
বাংলাদেশৰ ৰাজনীতিত শ্বেখ হাছিনাৰ সৈতে দীৰ্ঘদিনীয়া ক্ষমতা সংগ্ৰামৰ বাবেও পৰিচিত খালেদা জিয়া। দশক দশক ধৰি দেশৰ ৰাজনীতিত প্ৰভাৱ পেলোৱাৰ লগতে মহিলা নেতৃত্বৰ সবল নিদৰ্শন দাঙি ধৰিছিল।










