আজি বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকী। সেই উপলক্ষে ৮ ছেপ্তেম্বৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমবাৰে শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱা ৯ বজাৰ পৰা হবলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।গুৱাহাটীৰ খানাপাৰ ফিল্ডত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী।
সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনসমূহে আয়োজন কৰিছে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী অনুষ্ঠান। ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল শতবাৰ্ষিকীৰ কাৰ্যসূচী, য’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইফালে পিতৃৰ জন্ম শতবার্ষিকী উদযাপন কৰিবলৈ পত্নী-পুত্ৰসহ গুৱাহাটীত উপস্থিত হৈছে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।