উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে আদালতে। ডাঙৰ বিচাৰপীঠৰ শুনানি পৰ্যন্ত তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে আদালতে।
এই গোচৰৰ শুনানিৰ সময়ত আদালতে কয় যে আমি নিৰ্বাচনী পুঁজিৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছো। এনে পৰিস্থিতিত কেৱল জেৰাৰ ভিত্তিত গ্ৰেপ্তাৰৰ অনুমতি দিব নোৱাৰি। আদালতে এতিয়া এই গোচৰত তিনিজন ন্যায়াধীশৰ বিচাৰপীঠ গঠনৰ বাবে মুখ্য ন্যায়াধীশক প্ৰেৰণ কৰিছে।
অৱশ্যে আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিলেও মুখ্যমন্ত্ৰী কেজৰিৱালে জেইলতে থাকিব লাগিব। কাৰণ মুখ্যমন্ত্ৰী কেজৰিৱালক চিবিআইয়েও এক সুকীয়া গোচৰত গ্ৰেপ্তাৰ কৰিছিল। সেয়ে দ্বিতীয়টো গোচৰ অনুসৰি তেওঁ এতিয়াও জেইলতে থাকিব।
উল্লেখ্য যে যি গোচৰত মুখ্যমন্ত্ৰী কেজৰিৱালে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে সেই গোচৰৰ তদন্ত ইডি (এনফৰ্চমেণ্ট ডাইৰেক্টৰেট)ৰ দ্বাৰা চলি আছিল।
উল্লেখ্য যে, দিল্লী সুৰা কেলেংকাৰীৰ অভিযোগত কিছুদিন পূৰ্বে ইডিয়ে অভিযোগনামা দাখিল কৰিছিল। এই গোচৰত ইডিয়ে ৩৮ জন লোকক অভিযুক্ত কৰিছিল। ইডিৰ অভিযোগনামাত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৩৭ নম্বৰ অভিযুক্ত কৰা হৈছে। আনহাতে, আম আদমি পাৰ্টি হৈছে ৩৮ নম্বৰ অভিযুক্ত।