বৰ্তমান এনে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত এক নৱবিবাহিত দম্পতীয়ে নিজেই নিজৰ প্ৰেমৰ কাহিনী কৈ গৈছে। এই প্ৰেম কাহিনীৰ মূল বিষয়টো হ’ল এখন ফেনে এই দম্পতীক এক কৰি তোলে।
এই ঘটনাটো বিহাৰৰ এখন গাঁৱৰ ৷ বিহাৰৰ এগৰাকী সাংবাদিকে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। য’ত দৰা-কইনাই নিজৰ প্ৰেম কাহিনী বৰ্ণণা কৰিছে। ঘটনা অনুসৰি, কইনাজনীৰ ঘৰৰ ফেন এখন বেয়া হৈছিল। ইয়াৰ পিছতেই কইনাই ঘৰৰ ফেনখন মেৰামতি কৰিবলৈ লৰাজনৰ সহায় বিচাৰিছিল আৰু এইখিনিতে ঘটে আচল ঘটনাটো।
ফেন ভাল কৰিব গৈয়ে দুয়োৰে মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক।ইয়াৰ পিছতেই বাঢ়ি যায় ঘৰুৱা সামগ্ৰী মেৰামতিৰ অজুহাত। কেতিয়াবা যদি ডিচ টিভিৰ এন্টেনা আৰু কেতিয়াবা আকৌ আন কিবা এটা। এনেকৈয়ে দুয়োৰে মাজৰ সম্পৰ্ক অধিক গাঢ় হবলৈ ধৰে।
আচৰিত কথাটো হ’ল ল’ৰাটো কোনো ইলেক্ট্ৰিচিয়ান নহয় আৰু ছোৱালীজনীয়ে ফোন কৰাৰ আগতে তেওঁ কেতিয়াও কোনো ফেনো মেৰামতি কৰা নাছিল।
ফেন মেৰামতি কৰি জীৱন সংগী পোৱা এই ল’ৰাটোৰ মুখখন বিহাৰৰ এজন ডাঙৰ ৰাজনীতিবিদৰ সৈতে মিল আছে। যাৰ বাবেই ছ’চিয়েল মিডিয়াত এক বেলেগ হুলস্থুলৰ সৃষ্টি হৈছে। সেই নেতাৰ নামত বহুতেই এতিয়া সুকীয়াকৈ ধেমালি কৰিবলৈ আৰম্ভ কৰিছে।