বিহাৰৰ নালন্দাৰ মন্দিৰত ৩১ মাৰ্চৰ পুৱা ৮গৰাকী মহিলা ভক্তৰ প্ৰাণহানি হয়। লগতে এই দুৰ্ঘটনাটোত আন কেইবাজনো ভক্ত আহত হয়। অৱশ্যে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে দীপনগৰ থানা এলেকাৰ অন্তৰ্গত মাঘৰাৰ শীতলা মন্দিৰত।
অতিমাত্ৰা ভিৰ আৰু অপৰ্যাপ্ত ব্যৱস্থাপনাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ হৈছে। নিহত ভক্তৰ সংখ্যা বৰ্তমানেও নিশ্চিত কৰা নাই প্ৰশাসনে।
মন কৰিবলগীয়া যে, প্ৰতি মঙলবাৰে হাজাৰ হাজাৰ ভক্তই পূজা কৰিবলৈ শীতলা মন্দিৰত উপস্থিত হয়। এই মঙলবাৰে নিৰাপত্তাৰ ব্যৱস্থা সম্পূৰ্ণ শিথিল হোৱা যেন দেখা গৈছে। ভক্তৰ বৃহৎ জনসমাগমৰ বাবেই এই ভয়াৱহতা সংঘটিত হয়। ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় কেইবাখনো এম্বুলেন্স।
এই ঘটনাত আহত ভক্তৰ সংখ্যা প্ৰায় ১০ৰ পৰা ১২ জন বুলি অনুমান কৰা হৈছে। আহতসকলক চিকিৎসাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মন্দিৰ চৌহদ সম্পূৰ্ণৰূপে খালী কৰা হৈছে। ঘটনাৰ পিছতে আহি উপস্থিত হৈছে বৃহৎ আৰক্ষী বাহিনী।
খবৰ অনুসৰি, আজি নালন্দা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠিত হৈছে। ৰাজগীৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানতো অংশগ্ৰহণ কৰা কথা আছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। ইয়াৰ ফলত এনে এক ঘটনাৰ বাবে মন্দিৰৰ নিৰাপত্তাৰ ব্যৱস্থা শিথিল আছিল নেকি বুলি প্ৰশ্ন উত্থাপন হয়।











