হঠাৎ পুনৰ আৰম্ভ হৈছে মণিপুৰত নতুন চৰকাৰ গঠনৰ তৎপৰতা। ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি ৪৪ গৰাকী বিধায়ক নতুন চৰকাৰ গঠনৰ বাবে সাজু বুলি বুধবাৰে দাবী কৰে বিজেপিৰ বিধায়ক থোকচোম ৰাধেশ্যাম সিঙে।
বিজেপি বিধায়কগৰাকীয়ে আন ৯ গৰাকী বিধায়কৰ সৈতে আজি ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে। তেওঁ কয়, ‘ৰাইজৰ ইচ্ছামতে চৰকাৰ গঠন কৰিবলৈ ৪৪ বিধায়ক সাজু। এই কথা আমি ৰাজ্যপালক জনাইছো। এই বিষয়টোৰ কি কি সমাধান বিচাৰি পোৱা যায় সেই বিষয়েও আমি আলোচনা কৰিলো।’
তেওঁ কয়, ‘ৰাজ্যপালগৰাকীয়ে আমাৰ কথা গুৰুত্বসহকাৰে শুনিলে আৰু জনসাধাৰণৰ স্বাৰ্থত কাম আৰম্ভ কৰিব।’
অৱশ্যে চৰকাৰ গঠনৰ সম্পূৰ্ণ সিদ্ধান্ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ল’ব বুলিও উল্লেখ কৰে থোকচোম ৰাধেশ্যাম সিঙে।
তেওঁ লগতে কয়, ‘সাধাৰণ লোক বহুত অসুবিধাৰ সন্মুখীন হৈছে। যোৱা কাৰ্যকালত ক’ভিডৰ বাবে দুবছৰ অপচয় হৈছিল আৰু এই কাৰ্যকালত সংঘাতৰ বাবে আৰু দুবছৰ অপচয় হৈছে।’
উল্লেখ্য যে, এন বীৰেণ সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য হৈ আছে। ২০২৩ বৰ্ষৰ মে’ মাহত আৰম্ভ হোৱা মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজৰ সংঘৰ্ষক লৈ সমালোচনাৰ সন্মুখীন হোৱাত বীৰেণ সিঙে চলিত বছৰত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।