বিহাৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বিহাৰৰ কাটিহাৰ জিলাৰ মণিহাৰীৰ দিলাৰপুৰ পঞ্চায়তৰ হাটকোলা গাঁৱৰ পৰা প্ৰায় ১২ জন কৃষক কঢ়িয়াই অনা এখন নাও, দেওবাৰে গংগা-কোছিৰ সোঁতত ডুব যায়।
উল্লেখ্য যে, এই দুৰ্ঘটনাত গাঁৱৰ মানুহে কিছু লোকক বচাই যদিও এতিয়াও বহু লোক সন্ধানহীন হৈ আছে। ঘটনাস্থলীত উপস্থিত হৈ SDRFৰ দলে নিৰুদ্দেশ হোৱা লোকক বিচাৰি ব্যস্ত হৈ পৰিছে। একে সময়তে নিৰুদ্দেশ হোৱা লোকসকলৰ পৰিয়ালৰ মাজতো বিশৃংখলতাৰ সৃষ্টি হৈছে।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়ে যে, নাওখনত এটা ডাঙৰ ফুটা আছিল, যাৰ বাবেই ভিতৰলৈ পানী দ্ৰুতগতিত সোমাই আহে পানী। ইয়াৰ বাবেই ডুব যায় নাওখন। এই দূৰ্ঘটনাত নিৰুদ্দেশ হোৱা লোকসকলৰ তালাচী এতিয়াও অব্যাহত আছে। একে সময়তে এই ঘটনাৰ পিছত সমগ্ৰ গাঁওখনতে শোঁকৰ ছাঁ বিয়পি পৰে।