পেহেলগাম কাণ্ডৰ পিছৰে পৰা সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰা ভাৰতীয় সেনাই লাভ কৰিছে এক বৃহত সফলতা। দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নহয় এইবাৰ সীমান্ত সুৰক্ষা বাহিনী অৰ্থাত বি এছ এফৰ হাতত ধৰা পৰিছে পাকিস্তানী সেনাৰ এগৰাকী ৰেঞ্জাৰ।
ৰাজস্থানৰ ভাৰত-পাকিস্তান সীমান্তৰ পৰা ৰেঞ্জাৰগৰাকীক আটক কৰা বুলি জানিব পৰা গৈছে। এই ৰেঞ্জাৰগৰাকীক ৰাজস্থান ফ্ৰণ্টিয়াৰে জিম্মাত লৈছে।
অৱশ্যে বি এছ এফৰ হাতত ধৰা পৰা ৰেঞ্জাৰগৰাকীৰ বিস্তৃত তথ্য প্ৰকাশ পোৱা নাই।
উল্লেখ্য যে, পেহেলগামত হোনা নাৰকীয় সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কিছুদিন পিছতেই পাকিস্তানী সেনাই আটক কৰিছিল এজন ভাৰতীয় সেনাক। ভুলবশতঃ পাকিস্তানত প্ৰৱেশ কৰাৰ বাবেই ভাৰতীয় জোৱানজনক আটক কৰিছিল পাকিস্তানী সেনাই।
ভাৰতীয় সেনাই তীব্ৰ আপত্তি আৰু বিৰোধ কৰাৰ পিছতো এই পৰ্যন্ত পাকিস্তানী সেনাই ভাৰতীয় জোৱানজনক মুকলি কৰি দিয়া নাই বা ক’ত, কেনেকৈ আৰু কি পৰিস্থিতিত আছে সেই কথাও জনোৱা নাই।
এতিয়া ভাৰতীয় সেনাৰ হাতত আটক হোৱা পাকিস্তানী জোৱানজনৰ সৈতে ভাৰতে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।