BTCৰ কাউণ্টডাউন আৰম্ভ হৈছে। ইতিমধ্যে কাৰ দখললৈ যাব BTC এই লৈ চলিছে তীব্ৰ উৎসুকতা।
ইতিমধ্যে এই নিৰ্বাচনৰ পোষ্টেল বেলেটৰ অগ্ৰগতিৰ খবৰ লাভ কৰা হৈছে। কোকৰাঝাৰৰ মুঠ ১২খন আসনৰ এখন আসনত বিপিএফে অগ্ৰগতি লাভ কৰিছে। কোকৰাঝাৰৰ যমদুৱাৰত বিপিএফৰ অগ্ৰগতি। কোকৰাঝাৰৰ শ্ৰীৰামপুৰত, ননৈ ছেৰফাঙত, বিপিএফৰ অগ্ৰগতি হৈছে।
মুদৈবৰীত দুটাকৈ সমষ্টিত অগ্ৰগতি লাভ কৰিছে বিপিএফে। ওদালগুৰিৰ ৰৌতাত বিপিএফে অগ্ৰগতি লাভ কৰিছে। ওদালগুৰিত মুঠ আসনৰ সংখ্যা হৈছে ১০খন। দিহিৰাত বিপিএফৰ অগ্ৰগতি হৈছে।
ইতিমধ্যে মুঠ ৮খন আসনত বিপিএফে অগ্ৰগতি লাভ কৰিছে। ৩ খন আসনত আগবাঢ়িছে বিজেপিয়ে আৰু এখন আসনত অগ্ৰগতি UPPLয়ে অগ্ৰগতি লাভ কৰিছে।