শনিবাৰে মেক্সিকোত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জাকাটেকাছৰ ঘাইপথত এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৯ জন লোক নিহত হোৱাৰ লগতে আন ৬ জন আহত হয়।
স্থানীয় বিষয়াসকলে জনোৱা মতে, যাত্ৰীৰে ভৰা বাছখন এখন কুঁহিয়াৰ ভৰ্তি ট্ৰেক্টৰ-ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
এই সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে দুৰ্ঘটনাটোৰ পিছত দুয়োখন বাহন খাৱৈত বাগৰি পৰিছিল। এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলত নিৰাপত্তাৰক্ষীৰ লগতে আন আন লোকৰ সহায়ত মৃতদেহ সমূহ উদ্ধাৰ কৰে।
শনিবাৰে জাকাটেকাছৰ গৱৰ্ণৰ ডেভিদ মনৰেলে প্ৰথম অৱস্থাত ২৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব দিছিল যদিও পিছত ৰাজ্যখনৰ এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ে এক বিবৃতিত এই সংখ্যা সংশোধন কৰি কয় যে ১৯ জন লোকৰ মৃত্যু হৈছে আৰু ছয়জন লোক আহত হৈছে।
বাছখন চিহুয়াৱা ৰাজ্যৰ আমেৰিকা-মেক্সিকো সীমান্তত অৱস্থিত চিউডাড জুয়াৰেজলৈ ৰাওনা হৈছিল। এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ৰ মতে, ভুক্তভোগীসকলৰ ভিতৰত কোনো প্ৰব্ৰজনকাৰী নাছিল।