ব্যক্তিগত জীৱনক লৈ বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেত্ৰী কৃতি ছেননে। কবীৰ বাহিয়াৰ সৈতে তেওঁৰ সম্পৰ্কৰ খবৰে বহুদিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।
বিভিন্ন অনুষ্ঠানত দুয়োকে প্ৰায়ে একেলগে দেখা গৈছে। কবীৰৰ সৈতে কৃতিয়ে নিজৰ জন্মদিনো পালন কৰিছে। ইয়াৰ পিছতে দুয়োৰে সম্পৰ্কৰ উৰাবাতৰিৰ লগতে বহু ছবিও ভাইৰেল হৈ পৰিছে।
ইয়াৰ উপৰিও দেখা গৈছে যে, কবীৰ বাহিয়াৰ পাৰিবাৰিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিছে কৃতি ছেননে। ফটোকেইখনত কবীৰৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে গোলাপী ৰঙৰ শাৰী পিন্ধা কৃতিক দেখা গৈছে। ছবিসমূহত ক্ৰিকেটাৰ এম এছ ধোনী আৰু তেওঁৰ পত্নী সাক্ষী ধোনিৰ সৈতে আড্ডা দিয়া দেখা গৈছে।
এটা ভিডিঅ’ত কবীৰক কৃতিৰ কান্ধত হাত থৈ খোজ কাঢ়ি যোৱাও দেখা গৈছে। কবীৰক দেখা যায় অল ব্লেক লুকত। ফটোবোৰত কৃতিক বৰ সুখী যেন দেখা গৈছে।
ইফালে নিজৰ ব্যক্তিগত জীৱনক ব্যক্তিগতভাৱে ৰখা কৃতিয়ে কবীৰৰ সৈতে নিজৰ ৰোমাঞ্চ এইবাৰ অনুৰাগীৰ পৰা লুকুৱাই ৰখা নাই। তেওঁ ইনষ্টাগ্ৰামতো কবীৰৰ সৈতে ফটো শ্বেয়াৰ কৰে। অৱশ্যে ডেটিং আৰু বিবাহৰ উৰাবাতৰি সন্দৰ্ভত তেওঁ বৰ্তমানলৈ একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
আচলতে কবীৰ বাহিয়া হৈছে মহেন্দ্ৰ সিং ধোনিৰ পত্নী সাক্ষী ধোনিৰ ভাতৃ।ধোনী পৰিয়ালৰ সৈতে একেলগে বৰদিন আৰু নৱবৰ্ষৰ উৎসৱ উদযাপন কৰাৰ সময়তেই দুয়োৰে মাজত প্ৰথমবাৰৰ বাবে সম্পৰ্কই গঢ় লৈ উঠিছিল।