BSFৰ সঞ্চালকৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃ্হ মন্ত্ৰালয়ৰ এক্সন। তৎকালে কাৰ্যকৰী হোৱাকৈ BSFৰ সঞ্চালক প্ৰধান নীতিন আগৰৱাল আৰু বিশেষ সঞ্চালক প্ৰধান ৱাই বি খুৰনিয়াক অপসাৰণ কৰিছে গৃ্হ মন্ত্ৰালয়ে।
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ ৰোধত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি উচ্চপদস্থ বিষয়া দুগৰাকীৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে কেন্দ্ৰই। নীতিন আগৰৱালক সঞ্চালক পদৰ পৰা আঁতৰাই কেৰালা কেডাৰ আৰু ৱাই বি খুৰনিয়াক ওড়িশা কেডাৰলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে।
বিগত এমাহত এই দুয়োগৰাকী উচ্চপদস্থ বিষয়াই পাকিস্তানৰ সীমান্ততে লাগি থকা জম্মু-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখা পৰিদৰ্শন কৰি বহু গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছিল। কিন্তু তাৰ পিছতো কাশ্মীৰত হ্ৰাস পোৱা নাছিল সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ।
জম্মুৰ লগতে ভাৰত-পাকিস্তানৰ স্পৰ্শকাতৰ এলেকাসমূহত BSF জোৱানসকলে সুৰক্ষা নিশ্চিত কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত বিগত এটা বছৰত সন্ত্ৰাসবাদীৰ কূটাঘাতমূলক কাৰ্যকলাপ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে নিৰাপত্তাৰক্ষী বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান।
নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে সংঘটিত সংঘৰ্ষত বহু সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে কেইবাজনো জোৱান শ্বহীদ হৈছে। চলিত বৰ্ষত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰাজৌৰী, পুঞ্চ, ৰিয়াচি, উধমপুৰ, কথুৱা আৰু ডোডাৰ দৰে জিলাত ১১ গৰাকী নিৰাপত্তাৰক্ষী আৰু এজন গাঁওৰক্ষীসহ কমেও ২২ জন লোক নিহত হৈছে।
যোৱা মাহত ৰাষ্ট্ৰবিৰোধী কাম-কাজত জড়িত থকাৰ অভিযোগত কঠোৰ পদক্ষেপ গ্ৰহণ কৰে কেন্দ্ৰই। দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি সন্ত্ৰাসবাদীক সহায় কৰা চাৰিজন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। ইয়াৰে দুগৰাকী কনিষ্টবল হিচাপে নিয়োজিত থকাৰ বিপৰীতে আন দুগৰাকী গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগ আৰু শিক্ষা বিভাগৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল। চাৰিওজনৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছিল।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ অংশ হিচাপে বিগত এটা বছৰত এইদৰে ৫০ জনতকৈও অধিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।
উল্লেখ্য যে, ১৯৮৯ বেচৰ কেৰালা কেডাৰৰ বিষয়া আগৰৱাল যোৱা বছৰ জুনত বি এছ এফৰ মুৰব্বী হৈছিল। তেওঁ ২০২৬ চনৰ জুলাইত অৱসৰ গ্ৰহণ কৰিবলগীয়া আছিল। আনহাতে, ১৯৯০ বেচৰ ওড়িশা কেডাৰৰ খুৰানিয়াই পশ্চিম খণ্ডত পাকিস্তান সীমান্তত বাহিনীৰ নেতৃত্ব দি আছিল।
ইফালে খুৰানিয়া ওড়িশাৰ আৰক্ষী বাহিনীৰ মুৰব্বী বা আৰক্ষী সঞ্চালক প্ৰধান হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি কেবিনেট নিযুক্তি সমিতিয়ে ১৯৮৯ বেচৰ ওড়িশা কেডাৰৰ বিষয়া অমৃতমোহন প্ৰসাদক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত বিশেষ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিছে।