চেম্পিয়নছ ট্ৰফী আয়োজনক লৈ আহিছে নতুন খবৰ। লাভ কৰা খবৰ অনুসৰি, হাইব্ৰিড মডেলৰ বাবে মান্তি হৈছে পাকিস্তান। কিন্তু ইয়াৰ বাবে আইচিচিক ৭টা বিশেষ চৰ্ত বান্ধি দিছে পাকিস্তান ব’ৰ্ডে। অৱশ্যে এতিয়াও এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।
জানিব পৰা অনুসৰি, আইচিচিয়ে আজি নিশা বা দেওবাৰে পুৱা চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত আনুষ্ঠানিক সিদ্ধান্ত ঘোষণা কৰিব। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে দুটা বিশেষ চৰ্তত হাইব্ৰিড মডেলৰ বাবে প্ৰতিযোগিতাখন আয়োজনৰ বাবে সাজু হৈছে।
উল্লেখ্য যে, ইতিমধ্যেই চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতে পাকিস্তান ভ্ৰমণ নকৰো বুলি স্পষ্ট কৰি দিছে। ইয়াৰ পিছতেই এই প্ৰতিযোগিতাখন আয়োজনক লৈ সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল।
ভাৰতে প্ৰতিযোগিতাখনৰ বাবে পাকিস্তান ভ্ৰমণ নকৰো বুলি কোৱাৰ পিছৰে পৰা হাইব্ৰিড মডেলৰ বিষয়টো উচ্ছাৰিত হৈছিল। পাকিস্তানে কোনো পধ্যেই হাইব্ৰিড মডেলৰ জৰিয়তে এই প্ৰতিযোগিতাখন আয়োজন নকৰো বুলি মন্তব্য কৰি আহিছিল।
অৱশ্যে ভাৰতৰ কঠোৰ স্থিতিত সেও মানি অৱশেষত পাকিস্তানে দুটা চৰ্তৰ জৰিয়তে হাইব্ৰিড মডেলৰ বাবে মান্তি হোৱা বুলি আই চি চিক জনায়। ইণ্ডিয়া টুডেত প্ৰকাশিত খবৰ অনুসৰি, ২০৩১ চনলৈ যদি ভাৰতত কোনো টুৰ্ণামেণ্ট হয় তেন্তে পাকিস্তানৰ বাবেও হাইব্ৰিড মডেল প্ৰযোজ্য হ’ব লাগিব বুলি চৰ্ত বান্ধি দিয়ে। অৱশ্যে আইচিচিৰ তৰফৰ পৰা এতিয়াও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।