আজি ভাৰতে নতুন অভিলেখ গঢ়িলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংখন দেশৰ বাবে উৎসৰ্গা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে হাতত ৰাষ্ট্ৰীয় পতাকা লৈ চেনাব দলঙত খোজ কঢ়াও পৰিলক্ষিত হয়।
দলংখন উদ্বোধনৰ বাবে কাশ্মীৰত উপস্থিত হোৱাৰ পিছত এই প্ৰকল্পত কাম কৰা লোকসকলৰ সৈতেও মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এই দলঙৰ ওপৰেৰে এখনত বিশেষ ৰে’লযোগেও যাত্ৰা কৰিব।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই দলঙৰ ওপৰেৰে চলিবলগীয়া দুখন বন্দে ভাৰত ৰে’লৰো ফ্লেগ অফ কৰিব। এই দুখন ৰে’লৰ চলাচলে এই অঞ্চলত ৰে’ল সংযোগ আৰু অধিক শক্তিশালী হ’ব।
এই দলংখন দুখন পাহাৰৰ মাজত নিৰ্মাণ কৰা হৈছে। প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ঘণ্টাত ২৬০ কিলোমিটাৰ বতাহৰ গতি সহ্য কৰিব পৰাকৈ এই দলংখন নিৰ্মাণ কৰা হৈছে।
চেনাব নদীৰ ওপৰত নিৰ্মিত এই দলংখনৰ উচ্চতা ৩৫৯ মিটাৰ, যিটো আইফেল টাৱাৰতকৈও অধিক। এইখন ১৩১৫ মিটাৰ দীঘল তীখাৰ দলং, যিখন এনেদৰে নিৰ্মাণ কৰা হৈছে যে ই ভূমিকম্প আৰু প্ৰচণ্ড বতাহ সহ্য কৰিব পাৰে।