আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰম্ভ কৰা শুল্ক যুদ্ধৰ পিছৰে পৰা ক্ৰমাত উন্নত হ’বলৈ ধৰিছে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক। শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি অহা সপ্তাহত ভাৰতলৈ আহিব চীনৰ বিদেশ মন্ত্ৰী ৱাং য়ী। ভাৰত ভ্ৰমণৰ সময়ত চীনৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।
ৱাং আৰু ডোভাল হৈছে দুয়োখন দেশৰ বিশেষ প্ৰতিনিধি যিয়ে সীমা বিবাদৰ সৈতে জড়িত আলোচনাৰ নেতৃত্ব দিয়ে। বিগত কিছু মাহৰ পৰা ভাৰত আৰু চীনে তেওঁলোকৰ সম্পৰ্ক উন্নত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।
ইফালে ৩১ আগষ্টৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থা (এছ চি অ’) সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০২০ চনত চীনৰ সেনাৰ সৈতে গলৱান ঘাটিত হোৱা সংঘৰ্ষৰ পিছত এইটোৱে হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চীন ভ্ৰমণ।
এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পর্ক উন্নত হোৱাৰ সম্ভাৱনা আছে।