পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে কয় যে সন্ত্ৰাসবাদীয়ে যুদ্ধত জয়ী হোৱা বুলি ভবা উচিত নহয়। পেহেলগামত সন্ত্ৰাসবাদীৰ যুদ্ধৰ আৰম্ভণি নহয়, কিন্তু সন্ত্ৰাস বিয়পোৱা সকলোকে ক’ব বিচাৰিছো যে তেওঁলোকক উপযুক্ত উত্তৰ দিয়া হ’ব আৰু উত্তৰ লোৱা হ’ব। কোনো লোককে ৰেহাই দিয়া নহ’ব।
কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ৯০ৰ দশকৰ পৰা অব্যাহত আছে। কোনোবাই যদি ভাবে যে কিবা কাপুৰুষালি কৰি এইটোৱেই তেওঁলোকৰ জয়, তেন্তে মই আপোনালোকক ক’ব বিচাৰিছো যে কাকো ৰেহাই দিয়া নহ’ব। আমি দেশৰ প্ৰতিটো স্তৰৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিম। সন্ত্ৰাসবাদ শেষ নোহোৱালৈকে আমাৰ যুঁজ অব্যাহত থাকিব, যিয়েই এই কাৰ্য সংঘটিত কৰিছে তেওঁক উপযুক্ত শাস্তি দিয়া হ’ব।
দিল্লীত এক অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে কয়, ‘সন্ত্ৰাসবাদীয়ে যুদ্ধত জয়ী হোৱা বুলি ভবা উচিত নহয়। এই যুঁজখন এতিয়াও শেষ হোৱা নাই। আমি এটা এটাকৈ প্ৰতিশোধ লম।’
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে দেশৰ পৰা সন্ত্ৰাসবাদ উভালি পেলোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি শ্বাহে এই কাম সম্পন্ন হ’ব বুলি দৃঢ়তাৰে উল্লেখ কৰে।
উল্লেখ্য যে, ৰাজধানী নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মদেৱৰ পৱিত্ৰ স্মৃতিত প্ৰতিমূৰ্তি উন্মোচন আৰু পথ তথা ৰটাৰী নামকৰণ অনুষ্ঠানত উপস্থিত থাকি গৃহ মন্ত্ৰী অমিত শ্বাহে এইদৰে পুনৰবাৰ পাকিস্তানক ধমক প্ৰদান কৰে।