১০ নৱেম্বৰত আনুষ্ঠানিকভাৱে কৰ্মজীৱনৰ সমাপ্তি ঘটিব দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ। কিন্তু ৯ আৰু ১০ নৱেম্বৰৰ দিন দুটা শনিবাৰ আৰু দেওবাৰ হোৱা বাবে শুকুৰবাৰেই আছিল তেওঁৰ কৰ্মদিনৰ শেষ দিন।
শেষৰটো কৰ্মদিনৰ দিনটোতেই তেওঁক জনোৱা হয় বিদায় সম্বৰ্ধনা। বিদায় অনুষ্ঠানত যথেষ্ট আবেগিক হৈ পৰা চন্দ্ৰচূড়ে সকলোকে হাতযোৰ কৰি প্ৰণাম জনোৱা পৰিলক্ষিত হয়।
‘মই যদি কাৰোবাক আঘাত দিছো তেন্তে ক্ষমা বিচাৰিছো। কাইলৈৰ পৰা আৰু মই ন্যায় দিব নোৱাৰিম। কিন্তু মই সন্তুষ্ট’, এইদৰে কয় চন্দ্ৰচূড়ে।
২০২২ চনৰ ৯ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰা ডি ৱাই চন্দ্ৰচূড়ে অৱশ্যে ২০১৬ চনতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
ন্যায়াধীশ হিচাপে ৮ বছৰীয়া কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ কেইবাটাও জটিল গোচৰত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে। এই সময়ছোৱাত প্ৰদান কৰিছে কেইবাটাও ঐতিহাসিক বিচাৰ। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল গোপনীয়তাৰ অধিকাৰ, অযোধ্যাৰ গোচৰ, সাবৰীমালাত মহিলাৰ প্ৰৱেশ ইত্যাদি।
শুকুৰবাৰে মুখ্য ন্যায়াধীশৰ বিদায় অনুষ্ঠানত উপস্থিত আছিল অভিষেক মনু সিংঘৱী, কপিল ছিব্বালৰ দৰে বহু জ্যেষ্ঠ অধিবক্তা।
মোক আগুৱাই যোৱাত এই আদালতখনেই সহায় কৰে… আমি হয়তো চিনি নোপোৱা মানুহ লগ পাওঁ। আপোনালোক সকলোকে আৰু আপোনালোক প্ৰত্যেককে ধন্যবাদ জনাইছো আৰু আগৰ দৰে কোনো গোচৰ নাই। যদি মই কেতিয়াবা আদালতত কাৰোবাক মনত আঘাত দিছো তেন্তে আপোনালোকে মোক ক্ষমা কৰিব। ইমান সংখ্যক লোক অহাৰ বাবে ধন্যবাদ।’
উল্লেখ্য যে, চন্দ্ৰচূড়ৰ পিছত দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না।