এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ পাছতেই হিমাচল প্ৰদেশত বৰ্তমান অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিবেদন অনুসৰি, ডাৱৰ বিস্ফোৰণৰ পাছতেই হিমাচল প্ৰদেশৰ কুল্লু, মাণ্ডি আৰু চিমলাত কৃত্ৰিম বানে এক বিধ্বংসী ৰূপ ধাৰণ কৰিছে ।
প্ৰশাসনে জনোৱা অনুসৰি, বৰ্তমানলৈ ৬ গৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৫০ ৰো অধিক লোক সন্ধানহীন হৈ আছে।
জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিশেষ সচিব ডিচি ৰাণাই এই সন্দৰ্ভত কয় যে, এই ডাৱৰ বিস্ফোৰণৰ বাবে চিমলাৰ চামেজ অঞ্চল, ৰামপুৰ অঞ্চল, কুল্লুৰ বাঘিপুল আৰু মাণ্ডিৰ পাদ্দাৰত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ধ্বংস হৈছে । বৰ্তমানলৈ ৬০ টাতকৈও অধিক বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে লগতে কেইবাখনো গাঁও গুৰুত্বৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমানেও এনডিআৰএফ আৰু এছডিআৰএফৰ দলে আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে নিজৰ অভিযান অব্যাহত ৰাখিছে ।
৩১ জুলাইৰ মাজনিশা এই ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছিল৷ উল্লেখ্য যে, এই বিস্ফোৰণৰ পাছতেই ৰামপুৰ আৰু চামেজ অঞ্চলক সংযোগ কৰা এটা পথৰ বিস্তৰ ক্ষতি হয়। প্ৰশাসনৰ মতে, বৰ্তমান সেই পথৰ পুনৰুদ্ধাৰৰ কাম চলি আছে।
হিমাচল প্ৰদেশ ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ এক প্ৰতিবেদন অনুসৰি, মাণ্ডিত ৫ গৰাকী লোক নিহত হোৱাৰ লগতে বহুতো লোক আহত হৈছে। কুল্লু অঞ্চলত ৯ গৰাকী লোক সন্ধানহীন হৈ আছে লগতে ১জন লোক নিহত হৈছে। চিমলাত এতিয়ালৈ সৰ্বাধিক ৩৩ গৰাকী লোক সন্ধানহীন হৈ আছে। মাণ্ডিৰ ৬ গৰাকী লোক সন্ধানহীন হৈ আছে ।
সৰ্বমুঠ ৫৫ গৰাকী লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে লগতে বহুতো লোক বিভিন্ন স্থানত আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । প্ৰতিবেদন অনুসৰি, ৬১ টা বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু ৪২ টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।