সংবাদমেলযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে কেইবাটাও ডাঙৰ মন্তব্য।
- বিশেষ-মাংসৰ ক্ষেত্ৰত কঠোৰ হ’ব মুখ্যমন্ত্ৰী
- মন্দিৰ-নামঘৰৰ ৫ কিলোমিটাৰ পৰ্যন্ত সম্পূৰ্ণভাৱে নিষিদ্ধ হ’ব বিশেষ-মাংস
- এতিয়াৰে পৰা কোনেও ৫ কিলোমিটাৰৰ ভিতৰত কাটিব নোৱাৰিব বিশেষ-মাংস
- সম্পূৰ্ণভাৱে মানি চলিব লাগিব ‘CATTLE PRESERVATION ACT’
- ভুৱা ফেচবুক একাউণ্ট ব্যৱহাৰকাৰীয়ে বিষবাষ্প বিয়পাইছে অসমত
- বাংলাদেশ, পাকিস্তান, মধ্য প্ৰাচ্যৰ পৰা অসমত বিয়পাইছে বিষবাষ্প
- নিৰ্বাচনৰ সময়ৰ পৰা এই সাম্প্ৰদায়িক শক্তিটো সক্ৰিয় হৈ আছে অসমত
- বিগত এমাহ ধৰি ৫-৬ হাজাৰ একাউণ্ট সক্ৰিয় হৈ উঠিছে। ইয়াৰে ৭০০ৰো অধিক বাংলাদেশৰ বুলি চিনাক্ত কৰা হৈছে।
- জি এছ ৰোড আৰু খাৰঘুলিত আশ্ৰয় লৈছে বহু সন্দেহজনক লোকে
- ভটিয়াপাৰৰ গেছ নিৰ্গমন সন্দৰ্ভত তথ্য সদৰী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
- ২১ জুনৰ পৰা আমেৰিকাৰ পৰা অহা বিশেষজ্ঞৰ দলে আৰম্ভ কৰিব কোপিঙৰ কাম