দিল্লীত ৰাজহুৱা শুনানিৰ সময়ত আক্ৰমণৰ সম্মুখীন হোৱা মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ এই ঘটনাৰ পিছৰ প্ৰথমখন ছবি পোহৰলৈ আহিছে। এই ছবিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই নিজৰ বাসগৃহত বিজেপিৰ সাংসদসকলৰ সৈতে চাহ খাই থকা দেখা যায়।
বিজেপিৰ সাংসদ হৰ্ষ মালহোত্ৰা, মনোজ তিৱাৰী, বনছুৰী স্বৰাজ, প্ৰবীণ খাণ্ডেলৱাল আদিয়ে তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভত খবৰ ল’বলৈ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছিল। ছবিখনত ৰেখা গুপ্তাক সুস্থ যেন দেখা যায়।
ৰেখা গুপ্তাৰ স্বাস্থ্য সন্দৰ্ভত সোধা-পোছাৰ বাবে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয় বিজেপিৰ সাংসদ প্ৰবীণ খাণ্ডেলৱাল। এই ছবিখন শ্বেয়াৰ কৰি তেওঁ লিখিছে যে, দিল্লীৰ সকলো সতীৰ্থ সাংসদৰ সৈতে দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক সাক্ষাৎ কৰি তেওঁৰ মংগলৰ বিষয়ে সোধা-পোছা কৰে। মুখ্যমন্ত্ৰীগৰাকী সম্পূৰ্ণ সুস্থ আৰু পূৰ্বৰ দৰেই তেওঁ সম্পূৰ্ণ প্ৰস্তুতিৰে অহৰহ দিল্লীবাসীৰ কামত নিয়োজিত হৈ আছে।
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিজেপিৰ সাংসদ যোগেন্দ্ৰ চন্দৌলিয়াই কয় যে, মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা ঘটনাটো সচাঁকৈয়ে নিন্দনীয়। সাংসদ যোগেন্দ্ৰ চন্দৌলিয়াই লগতে কয় যে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ অজুহাতত যিকোনো ব্যক্তিয়ে আহি এনে কাৰ্য কৰিব পাৰে সেয়া এক চিন্তনীয় বিষয়। এই বিষয়টোৰ পৰ্যালোচনাৰ প্ৰয়োজন। এই সন্দৰ্ভত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। তদন্তৰ পিছত সকলো গম পোৱা যাব।
উল্লেখ্য যে, ২০ আগষ্টৰ পুৱা মুখ্যমন্ত্ৰী ৰেখা গুপ্তা ৰাজহুৱা শুনানিৰ সময়ত আক্ৰমণৰ বলি হয়। ৰাজকোটৰ ৰাজেশ খিমজী নামৰ এজন ব্যক্তিয়ে এই আক্ৰমণ কৰে। সম্প্ৰতি ৰাজেশ খিমজী ৫ দিনৰ পুলিচ ৰিমাণ্ডত আছে আৰু তেওঁৰ সৈতে জেৰা অব্যাহত আছে।