কলম্বিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে বায়ুসেনাৰ এখন বিমান। মুঠ ১১০ জন লোক আছিল এই বিমানখনত। খবৰ অনুসৰি বিমানখন উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। দক্ষিণ আমাজন অঞ্চলৰ পেৰুৰ সীমান্তৰ সমীপৰ প’ৰ্ট’ লেগুইজামোত সংঘটিত হয় এই দুৰ্ঘটনা।
স্থানীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, এই বিমানখনত ১১০ জন জোৱান আছিল। ২৩ মাৰ্চত কলম্বিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, দেশৰ দক্ষিণ অংশত লকহিড মাৰ্টিন (LMT.N) হাৰকিউলিছ চি-১৩০ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।
প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰ’ ছানচেজে কয় যে পেৰুৰ সীমান্তৱৰ্তী কলম্বিয়াৰ দক্ষিণ আমাজন অঞ্চলত অৱস্থিত প’ৰ্ট’ লেগুইজামোৰ পৰা উৰা মাৰিবলৈ গৈ বিমানখনে সশস্ত্ৰ বাহিনীৰ জোৱান কঢ়িয়াই লৈ আনিছিল। বিষয়াসকলৰ উদ্ধৃতি দি স্থানীয় সংবাদ সংস্থাই জনোৱা মতে, বিমানখনত ১১০ জন জোৱান আছিল আৰু এই দুৰ্ঘটনাটো এটা চহৰৰ কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ (২ মাইল) দূৰত্বত সংঘটিত হয়।
মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বলিভিয়াৰ বায়ুসেনাৰ আন এখন বিমান হাৰকিউলিছ চি-১৩০ বিমান ৰাজধানী লা পাজৰ ওচৰৰ ঘন জনবসতিপূৰ্ণ চহৰ আল্ট’ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই মৰ্মান্তিক দুৰ্ঘটনাত ২০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন লোক আহত হয়। বিমানখনৰ সামগ্ৰীসমূহ সমগ্ৰ চহৰখনতে সিঁচৰতি হৈ থকাৰ ফলত সাধাৰণ নাগৰিক আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।
আমেৰিকাৰ প্ৰতিৰক্ষা কোম্পানী লকহিড মাৰ্টিনে নিৰ্মাণ কৰিছে চি-১৩০। এই বিমানখন কেৱল ডাঙৰ নহয়, প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাৰ বাবেও অতি উপযোগী। ইয়াৰ দৈৰ্ঘ্য ৩০ মিটাৰ আৰু উচ্চতা ১২ মিটাৰ। ই ১৯ টন কঢ়িয়াব পৰাকৈ সক্ষম। প্ৰতি ঘণ্টাত ৬৪৩ কিলোমিটাৰ বেগত উৰণ কৰিব পৰা এই বিমানখনৰ ৰেঞ্জ ৩৩৩৪ কিলোমিটাৰ। আন এটা বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ অতি অশুভ বতৰতো উৰণৰ ক্ষমতা। আমেৰিকা আৰু ভাৰতকে ধৰি ২৩খনতকৈও অধিক দেশে এই বিমান ব্যৱহাৰ কৰে।












