শক্তিশালী হ’ল ভাৰতীয় নৌসেনা। মঙলবাৰে নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হয় দুখন নতুন জাহাজ। আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু নৌসেনাৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত আই এন এছ হিমগিৰি আৰু আই এন এছ নীলগিৰি জাহাজ দুখন অন্তৰ্ভুক্ত কৰা হৈছে।
আই এন এছ হিমগিৰি আৰু আই এন এছ নীলগিৰি আত্মমিৰ্ভৰ ভাৰতৰ প্ৰতীক। কোৱা হৈছে যে জাহাজ দুখন ৭৫ শতাংশতকৈ অধিক থলুৱা সামগ্ৰীৰে নিৰ্মিত। প্ৰজেক্ট ১৭ আলফাৰ অধীনত নিৰ্মাণ কৰা হৈছে যুদ্ধ জাহাজ দুখন।
নৌসেনাৰ মতে আই এন এছ হিমগিৰি আৰু আই এন এছ নীলগিৰিৰ সফল নিৰ্মাণে প্ৰতিৰক্ষা উদ্যোগৰ অগ্ৰগতিৰ এক বৃহৎ নিদৰ্শন।
ভাৰতৰ দুটা বৃহৎ জাহাজ নিৰ্মাণ কোম্পানীয়ে নিৰ্মাণ কৰা দুখন জাহাজে একেদিনাই বাহিনীত যোগদান কৰাটো ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে এক বিৰল পৰিঘটনা।
মন কৰিবলগীয়া যে আই এন এছ হিমগিৰি নিৰ্মাণ কৰিছিল কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডিং কোম্পানীয়ে। আনহাতে আই এন এছ নীলগিৰি নিৰ্মাণ কৰিছিল মুম্বাইৰ মাজাগান বন্দৰ জাহাজ নিৰ্মাণ কোম্পানীয়ে।