যোগদানৰ ২দিন পিছতেই কংগ্ৰেছ দল এৰিলে ৰেজাউল কৰিম সৰকাৰে। শেহতীয়াকৈ তেওঁ ধুবুৰী আৰু শিৱসাগৰক লৈ কৰা মন্তব্যক লৈ সৃষ্টি হৈছিল। য’ত শিৱসাগৰক ধুবৰী বনাম বুলি কৈছিল ন কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰে।
ৰাজ্যজুৰি চলি থকা এই বিতৰ্কৰ মাজতে কংগ্ৰেছ দল ত্যাগ কৰে ৰেজাউল কৰিম সৰকাৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ লিখি ন-কংগ্ৰেছী সৰকাৰে দল ত্যাগৰ সিদ্ধান্তৰ কথা অৱগত কৰে। পদত্যাগ পত্ৰত তেওঁ লিখে যে, জাতিৰ স্থান আৰু আত্মসন্মান তেওঁৰ বাবে সদায় ওপৰত। বিধায়ক বা নেতা হোৱা তেওঁৰ মূল লক্ষ্য নাছিল। মুছলমান লোকৰ স্বাৰ্থৰ বাবে কাম কৰি যোৱাটোৱেই তেওঁৰ লক্ষ্য বুলি পোষ্ট প্ৰাক্তন আমছু নেতাজনে।
তেওঁ লিখিছে, “জাতিত কৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয়। সংখ্যালঘু ৰাইজৰ মুখৰ পিনে চাই, কোনোদিনেই মেৰুদণ্ড বেঁকা নকৰাকৈ, জাতিটোৰ স্বাৰ্থত, জাতিটোৰ মেৰুদণ্ড পোনকৈ থিয় কৰাই ৰখাটো মোৰ ৰাজনৈতিক যাত্ৰাৰ একমাত্ৰ লক্ষ্য আছিল । বিধায়ক বা নেতা হোৱা মোৰ মূল লক্ষ্য নাছিল। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সৈতে মোৰ ৰাজনৈতিক যাত্ৰা কোনোপধ্যেই সম্ভৱ নহ’ল। অসম আৰু অসমীয়াৰ স্বাৰ্থত, সকলো জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সম মৰ্যাদা আৰু সম বিকাশ কৰি অসমক আগুৱাই লৈ যোৱাৰ সংকল্পৰে এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলত যোগদান কৰিছিলোঁ। কিন্তু যোগদানৰ দিনাই বৰ অসম আৰু সমন্বয়ৰ বাৰ্তালৈ এটি বক্তৃতা দিওঁতেই বিজেপিৰ জালত ইচ্ছাকৃত ভাৱে ভৰি দি জাতিটোক অপমান কৰিলে দেৱব্ৰতশইকীয়া ডাঙৰীয়া, প্ৰদ্যুত বৰদলৈ ডাঙৰীয়াৰ দৰে কিছু ছদ্মবেশী কংগ্ৰেছ নেতাই I দুৰ্ভাগ্যজনকভাৱে ইয়াত দেখিছো যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ দৰে একাংশ বিজেপিৰ এজেণ্টে দলটোক ভিতৰৰ পৰা খুলি খুলি খাই ধ্বংস কৰি আছে। তেওঁলোকে যুৱ প্ৰজন্মক আগুৱাই আহিবলৈ নিদিয়ে আৰু অসমত এখন শক্তিশালী বিকল্প ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠন হোৱাৰ পথো ৰুদ্ধ কৰি ৰাখিছে। এই সকলো কথা মোৰ দৃষ্টিগোচৰ হোৱাৰ পাছত মোৰ বিবেকক সৰ্বোচ্চ প্ৰাধান্য দি মই যি ৰাজনৈতিক দলত যোগদান কৰিছিলোঁ, সেই দলৰ পৰা ওলাই অহাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। মোৰ বিবেকে মোক দংশন কৰিলে, কিয়নো বিগত বিশটা বছৰ ধৰি মই কোনো ধৰণৰ আপোচ নকৰাকৈ, কাৰো আগত নত স্বীকাৰ নকৰি, আপোচবিহীনভাৱে জাতীয় সংগ্ৰাম কৰি আহিলোঁ। সেই একেই নীতি আৰু আদৰ্শত অটল থাকি মই এইবাৰো আপোচ নকৰাকৈ মোৰ এই কঠিন চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। মোৰ আত্মসন্মান আৰু মোৰ বিশটা বছৰৰ সংগ্ৰামক বিজেপিৰ হৈ কাম কৰা শইকীয়া ডাঙৰীয়াই আঙুলি তুলিব সেয়া মোৰ বাবে সহ্য কৰ নহয়। প্ৰদৃুৎ বৰদলৈ ডাঙৰীয়া আপুনি সংখ্যালঘুৰ জাতীয় সংগঠনৰ সভাপতিক চিনি পোৱা নাই আপোনাক এইবাৰ সংখ্যালঘু ৰাইজে ভোটৰে চিনাকি কৰাই দিব । আগন্তুক দিনকেইটাত অসমৰ সংখ্যালঘু ৰাইজ আৰু মই এৰি অহা সংগ্ৰামী পৰিয়ালটোৱেই মোৰ ভৱিষ্যতৰ দায়িত্ব ল’ব বুলি মই দৃঢ়ভাৱে আশা কৰিলোঁ। এই মুহূৰ্তত মই কোনো ধৰণৰ ৰাজনৈতিক চিন্তা-চৰ্চা নকৰোঁ।সকলোকে এই মুহূৰ্তত ৰাজনৈতিক কথা লৈ যোগাযোগ নকৰিবলৈ আহ্বান জনালোঁ।”











