ক্ৰিয়েটিনিন বৃদ্ধি পোৱা মানেই মানৱ শৰীৰৰ বাবে এক চিন্তাৰ বিষয়। বৃক্কৰ ওপৰত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰে। চিকিৎসা বিশেষজ্ঞ সকলৰ মতে ক্ৰিয়েটিনিন বৃদ্ধি পোৱাৰ লগে লগেই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
ক্ৰিয়েটিনিন হৈছে তেজ আৰু প্ৰসাৱত থকা বৰ্জনীয় পদাৰ্থ। বৃক্কৰ বৰ্জনীয় পদাৰ্থ সমূহ প্ৰসাৱৰ জৰিয়তে শৰীৰৰ বাহিৰলৈ ওলাই যায়। ক্ৰিয়েটিনিন বৃদ্ধি পালে বৃক্কই সঠিক ভাবে কাম কৰিব নোৱাৰা হয়।
দীৰ্ঘ সময় ধৰি শৰীৰত ক্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়ি থাকিলে মানুহৰ বৃক্কৰ ক্ৰিয়া বন্ধ হ’ব পাৰে, শৰীৰত দুৰ্বলতা আৰু বৃক্কত পাথৰ আদিৰ দৰে সমস্যা হ’ব পাৰে।
শৰীৰত ক্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়িলে মানুহৰ মাংসপেশীৰ বিষ, হাত ভৰি ফুলা, বুকুৰ অনিয়ন্ত্ৰিত স্পন্দন আৰু দুৰ্বল হোৱা আদিৰ দৰে লক্ষণে দেখা দিব পাৰে। ক্ৰিয়েটিনিনৰ পৰিমাণ বাঢ়িলে কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত ঘনাই ভোক লগা, পিয়াহ লগা আদি লক্ষণেও দেখা দিব পাৰে।
ইয়াৰ উপৰি কেতিয়াবা ঘনাই প্ৰস্ৰাৱ কৰিব লগাৰ দৰে লক্ষণো দেখা যায়। ক্ৰিয়েটিনিন বৃদ্ধি পালে উশাহ-নিশাহ লোৱাটো কষ্ট অনুভৱ হ’ব পাৰে। লগতে মূৰ ঘূৰোৱা, মূৰৰ বিষ, নাকেৰে তেজ ওলোৱা আদিৰ দৰে সমস্যাও কিছু ক্ষেত্ৰত দেখা যায়। শৰীৰত ক্ৰিয়েটিনিন বৃদ্ধি পালে ভাগৰ লগা, ভৰি জিনজিনোৱা আৰু বমিৰ ভাব অহাৰ দৰেও অনুভৱ হ’ব পাৰে।
এনে লক্ষণ সমূহ চকুত পৰিলে ইয়াক অৱহেলা কৰা উচিত নহয় বুলিও বিশেষজ্ঞসকলে মতপোষণ কৰে।