বৰ্তমান ইংলেণ্ডত ৫খন খেলৰ টেষ্ট শৃংখলাৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। ইফালে বিচিচিআইয়ে টিম ইণ্ডিয়াৰ ঘৰুৱা খেলৰ কিছু সময়সূচী সলনি কৰিছে।
ৱেষ্ট ইণ্ডিজ আৰু তাৰ পিছত দক্ষিণ আফ্ৰিকা অক্টোবৰ মাহত ভাৰতলৈ আহিব, এই ধাৰাবাহিকসমূহত খেলিবলগীয়া ২খন খেলৰ স্থান বিচিচিআইয়ে সলনি কৰিছে। সোমবাৰে ব’ৰ্ডে নিজৰ আনুষ্ঠানিক তথ্য প্ৰদান কৰে। ইয়াৰ উপৰিও কিছু খেলৰ স্থানো সলনি কৰা হৈছে।
ভাৰতীয় ছিনিয়ৰ পুৰুষ ক্ৰিকেট দলে ঘৰুৱা খেলপথাৰত ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট, এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব। অহা ২ অক্টোবৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হ’ব।প্ৰথম টেষ্টখন আহমেদাবাদত অনুষ্ঠিত হ’ব। দ্বিতীয়খন টেষ্টৰ স্থান সলনি কৰিছে বিচিচিআইয়ে।
অহা ১০ৰ পৰা ১৪ অক্টোবৰৰ ভিতৰত কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিচিচিআইয়ে স্থান সলনি কৰিছে। এতিয়া এই খেলখন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলৰ তাৰিখৰ কোনো সালসলনি নহয়।
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ২ মেচৰ শৃংখলাৰ প্ৰথমখন টেষ্ট ১৪ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব, ইয়াৰ পূৰ্বে এই মেচখন দিল্লীত অনুষ্ঠিত হ’ব। এতিয়া এই খেলৰ স্থান বিচিচিআইয়ে সলনি কৰি কলকাতাৰ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামলৈ সলনি কৰিছে। ভাৰত ভ্ৰমণত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ২খন টেষ্টৰ অন্তত ৩খন এদিনীয়া আৰু ৫খন খেলৰ টি-২০ শৃংখলা খেলিব।