মহিলা বিশ্বকাপ ২০২৫ৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলে এক ডাঙৰ ঘোষণা কৰিছে। হৰমনপ্ৰীত কৌৰক অধিনায়কৰ দ্বায়িত্ব দিয়া হৈছে আৰু স্মৃতি মন্ধনাক উপ অধিনায়কৰ দ্বায়িত্ব দিয়া হৈছে। ইফালে আকৌ শেফালী বৰ্মাক স্থান লাভ নকৰিলে। ক্ৰান্তি গৌড়, অমনজোট কৌৰ, ৰাধা যাদৱ, শ্ৰী চৰাণী আদিয়ে স্থান লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলত।
উল্লেখ্য যে, অহা ৩০ ছেপ্টেম্বৰৰ পৰা মহিলা এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব।ইয়াত মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিব। ভাৰত-পাকৰ উত্তেজনাৰ বাবে পাকিস্তানৰ সকলো খেল শ্ৰীলংকাৰ কলম্বো চহৰত অনুষ্ঠিত হ’ব। বিশ্বকাপৰ বাকী সকলো খেল আয়োজন কৰিব ভাৰতে আৰু ইয়াৰ দৃষ্টি প্ৰথমবাৰৰ বাবে বিশ্বব্যাপী ট্ৰফী জয়ৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা দলে কেতিয়াও বিশ্বকাপৰ খিতাপ দখল কৰিব পৰা নাই।
আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ বাবে ভাৰতীয় মহিলা দল : হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), প্ৰতিিকা ৰাৱাল, হৰলিন দেউল, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগেছ, ৰেনুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী, ৰিচা ঘোষ (উইকেটকীপাৰ), ক্ৰান্তি গৌৰ, অমনজোত কৌৰ, ৰাধা যাদৱ, শ্ৰী চৰাণী।