দীপাৱলীৰ আগে আগে মৰগীয়া বানচ (ডি এ) বৃদ্ধিৰ বাবে অপেক্ষা কৰি থকা চৰকাৰী কৰ্মচাৰীক উপহাৰ দিলে মোদী চৰকাৰে। কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰিছে চৰকাৰে। ২০২৫ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই বৃদ্ধি।
কেন্দ্ৰীয় কৰ্মচাৰীসকলক দেৱালীৰ পূৰ্বে অক্টোবৰৰ দৰমহাৰ সৈতে জুলাই, আগষ্ট, আৰু ছেপ্টেম্বৰৰ বকেয়া ধন প্ৰদান কৰা হ’ব। এই ৩ শতাংশ বৃদ্ধি পোৱাৰ লগে লগে ৫৫ শতাংশৰ পৰা ৫৮ শতাংশলৈ বৃদ্ধি পায় মৰগীয়া বানচ।
এই বৃদ্ধি সপ্তম দৰমহা আয়োগৰ অধীনত সামৰি লোৱা সকলো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ লগতে পেঞ্চনাৰ আৰু পৰিয়ালৰ পেঞ্চনাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। এই বৃদ্ধিৰ ফলত প্ৰায় ৪৯.২ লাখ কৰ্মচাৰী আৰু ৬৮.৭ কোটি পেঞ্চনাৰ উপকৃত হ’ব।
চৰকাৰে বছৰত দুবাৰকৈ (জানুৱাৰী আৰু জুলাই) মৰগীয়া বানচ সংশোধন কৰে। এই সংশোধন সপ্তম দৰমহা আয়োগৰ অধীনত চূড়ান্ত সংশোধন হ’ব বুলি আশা কৰা হৈছে।
কেন্দ্ৰ চৰকাৰৰ এই ঘোষণাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকল যথেষ্ট সুখী হোৱা পৰিলক্ষিত হৈছে।