প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্ধিত সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। জম্মু-কাশ্মীৰৰ ডোডা জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ভাৰতীয় সেনাৰ এগৰাকী কেপ্টেইন শ্বহীদ হয়।
এই তথ্য ভাৰতীয় সেনাই সদৰি কৰিছে। একে সময়তে, বিষয়াসকলে এই সংঘৰ্ষত চাৰিগৰাকী সন্ত্ৰাসবাদী নিহত হোৱাৰ আশংকা কৰিছে।
ইফালে, ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে শিৱগড়-আছাৰ বেল্টত লুকাই থকা সন্ত্ৰাসবাদীৰ এটা দলক ঘেৰাও কৰিছে। অঞ্চলটোত এটা অনুসন্ধান অভিযানো চলোৱা হৈছে। ঘন অৰণ্যৰ বাবে সৈন্যসকলে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে।
তথ্য অনুসৰি, সৈন্যসকলে সন্ত্ৰাসবাদীৰ দখলৰ পৰা এটা এম-৪ ৰাইফল আৰু ৩ টা মোনা উদ্ধাৰ কৰিছে। ভাৰতীয় সেনাই মঙলবাৰে পাটনিটপৰ কাষৰ বন এলেকাত সংঘটিত এই অভিযানৰ নাম দিছে অপাৰেচন আছাৰ।
এগৰাকী বিষয়াই জনোৱা অনুসৰি, উগ্ৰপন্থীসকলে আছাৰৰ এখন নদীৰ ওচৰত লুকাই আছিল। নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীবৰ্ষণ হৈছিল। বুধবাৰে ৰাতিপুৱা প্ৰায় ৭.৩০ বজাত পুনৰ গুলীবৰ্ষণ আৰম্ভ হৈছিল।
জম্মু-কাশ্মীৰৰ ডোডা জিলাত চলি থকা এই সংঘৰ্ষ সন্দৰ্ভত দেশৰ ৰাজধানী দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামন, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা আৰু নিৰাপত্তা সম্পৰ্কীয় সংস্থাসমূহৰ মুৰব্বীসকল উপস্থিত থাকে।
এই বৈঠকখন চাউথ ব্লকত অনুষ্ঠিত হয়। স্বাধীনতা দিৱস উপলক্ষে নিৰাপত্তা নিশ্চিত কৰিবলৈ সমগ্ৰ জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীক উচ্চ সতৰ্কতা অৱলম্বন কৰা হৈছে।
ইয়াৰ পূৰ্বে ১০ আগষ্টত অনন্তনাগত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত দুজন সৈনিক আৰু এজন অসামৰিক লোক নিহত হৈছিল। ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফৰ দ্বাৰা যুটীয়া অভিযান আৰম্ভ কৰাৰ সময়ত অনন্তনাগৰ কোকেৰনাগ অঞ্চলত এই সংঘৰ্ষ সংঘটিত হৈছিল। হাবিলদাৰ দীপক কুমাৰ যাদৱ আৰু লেন্স নায়েক প্ৰবীণ শৰ্মাই অনন্তনাগত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱাইছিল।
গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ জুলাই মাহলৈকে ১১ টা উগ্ৰবাদ সম্পৰ্কীয় ঘটনা আৰু ২৪ টা উগ্ৰবাদ বিৰোধী অভিযানত সাধাৰণ লোক আৰু নিৰাপত্তাকৰ্মীসহ মুঠ ২৮ লোক নিহত হয়।