লৰেন্স বিষ্ণৈ গেং আৰু আৰ্জু বিষ্ণৈ গেঙৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে গেংটোৰ ৭জন শ্বুটাৰক গ্ৰেপ্তাৰ কৰাত সফল হৈছে।
এই শ্বুটাৰ কেইগৰাকী হাৰিয়ানা আৰু ৰাজস্থানত সংঘটিত কৰা হত্যাকাণ্ডৰ সৈতে জড়িত। কিন্তু আৰক্ষীয়ে অভিযুক্ত কেইজনৰ পৰা বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে। ইতিমধ্যে এই আটাইকেইজন অভিযুক্তই হত্যা আৰু ধন দাবীৰ বহু ঘটনা সংঘটিত কৰিছে।
উল্লেখ্য যে, মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকিক লৰেন্স বিষ্ণৈ গেঙৰ সদস্যই গুলীয়াই হত্যা কৰাৰ পিছৰে পৰা দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে ধাৰাবাহিকভাৱে বিষ্ণৈ গেঙৰ বিৰুদ্ধে ততপৰ হৈ পৰিছে।
লৰেন্স বিষ্ণৈ গেঙৰ লগতে আন আন গেংসমূহৰ ওপৰতো কঠোৰ কৰা হৈছে অভিযান। সমগ্ৰ দেশতে বিষ্ণৈ গেঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আৰক্ষীৰ তথ্য অনুসৰি চাৰিখন ৰাজ্য হাৰিয়ানা, ৰাজস্থান, পঞ্জাৱ আৰু দিল্লীৰ পৰা ৭জন শ্বুটাৰক কৰায়ত্ত কৰিছে। কৰায়ত্ত এই আটাইকেইগৰাকী শ্বুটাৰে হাৰিয়ানা আৰু ৰাজস্থানত বহু লোকক হত্যা কৰাৰ পৰিকল্পনা ৰচিছিল।
স্পেচিয়েল চেলৰ ডিচিপি প্ৰমোদ কুশৱাহাই জনোৱা মতে, অভিযুক্ত কেইজনৰ পৰা ৬টা ছেমি অটোমেটিক পিষ্টল, ২৬ টা কাৰ্টিজ, চুৰি গাড়ী, মটৰ চাইকেল আৰু জিপিএছ ট্ৰেকিং ডিভাইচ উদ্ধাৰ হয়।