১৬ ডিচেম্বৰত পুনৰ বুলড’জাৰৰ শব্দত কঁপিব মধ্য অসম। ধিঙত ১৬ ডিচেম্বৰত নগাওঁ জিলা প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান।
সাজু হৈ উঠিছে বুলড’জাৰৰ লগতে আৰক্ষী-প্ৰশাসন। ধিঙৰ চালনাবৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাওঁ, কটহগুৰি, ৰৌমাৰী বিল, মৈৰাধ্বজ, মাগুৰমাৰী বিলত উচ্ছেদ চলাব প্ৰশাসনে।
বেদখলকাৰীক চৰকাৰী ভুমি মুক্ত কৰাৰ নিৰ্দেশ ধিং ৰাজহ চক্ৰ বিষয়াৰ। উল্লেখ্য যে, চৰকাৰী ভূমি দখল কৰি একাংশই অবৈধভাবে পুখুৰী খান্দি মৎস্য পালন কৰি আহিছে।











