ৰাজ্যত পুনৰ সুদখোৰৰ দপদপনি। চৰকাৰৰ নিৰ্দেশক ভেঙুচালি কৰি একাংশ সুদখোৰে চলাই গৈছে নিৰ্যাতন। ধন দিব নোৱাৰাৰ বাবে মানসিক নিৰ্যাতন চলালে সুদখোৰে।
ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হৈছে এই ঘটনা। গৌৰাংগ বজাৰৰ ছিৰাজুল হক নামৰ এজন সুদখোৰে পংকজ মদক নামৰ এজন ব্যক্তিক আঘাত কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি, পংকজ মদক নামৰ ব্যক্তিজনে সুদৰ মুলধন ঘুৰাই দিয়াক কেন্দ্ৰ কৰি চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা চলায়।
ইফালে, ঘটনা সন্দৰ্ভত পংকজ মদকে গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰে যদিও তিনিদিন উকলি যোৱাৰ পিছতো প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰাত ধুবুৰী জিলা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলে সুদখোৰৰ দাদাগিৰিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলা প্ৰচাৰক কৃষ্ণ ৰাথোৰৰ লগতে সদস্যসকলে অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰে। লগতে, গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অতি সোনকালেই দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।
বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।