উত্তৰ প্ৰদেশৰ গোণ্ডাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা ৰে’লত সংঘটিত হয় এই অঘটন। বৰ্তমানলৈ ৪ জন লোকৰ মৃত্যু হৈছে। ইফালে, দুৰ্ঘটনাত ২৫ জনৰো অধিক যাত্ৰী আহত হৈছে।
প্ৰাথমিক তথ্য অনুসৰি, ১০ ৰ পৰা ১২ টা ডবা লাইনচ্যুত হৈছে। গোণ্ডাৰ ওচৰৰ ঝিলাহী ৰে’ল ষ্টেচনৰ ওচৰত ডিব্ৰুগড় এক্সপ্ৰেছখন লাইনচ্যুত হৈছে। ৰে’লখন লাইনচ্যুত হোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত এক আলোড়নৰ সৃষ্টি হৈছিল। অৱশ্যে, ৰে’ল বিভাগে ঘটনাটোৰ কাৰণ অনুসন্ধান আৰম্ভ কৰিছে।
উল্লেখ্য যে, ১৫৯০৪ ডিব্ৰুগড় এক্সপ্ৰেছ চণ্ডিগড়ৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল। ৰে’লখনে বৃহস্পতিবাৰে নিশা ১১:৩৯ বজাত চণ্ডিগড়ৰ পৰা ৰাওনা হৈছিল।
ইফালে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই শোকপ্ৰকাশ কৰিছে। যাত্ৰীসকলৰ নিৰাপত্তাৰ বাবে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জানিবলৈ দিয়ে।
আনহাতে, উত্তৰ প্ৰদেশ চৰকাৰে দুৰ্ঘটনাৰ পিছত লোকসকলক সহায় কৰিবলৈ হেল্পলাইন নম্বৰ ৮৯৫৭৪০৯২৯২, ৮৯৫৭৪০০০৯৬৭ জাৰী কৰিছে। ইয়াৰ লগতে উত্তৰ-পূব ৰে’লৱেৰ লক্ষ্ণৌ বিভাগত ১৫৯০৪ চনৰ ডিব্ৰুগড় এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ সন্দৰ্ভত হেল্পলাইন নম্বৰও জাৰি কৰিছে।