মঙলবাৰে তামিলনাডুৰ কুড্ডালোৰ জিলাৰ চেম্মনগুপ্পনত এখন শিক্ষাৰ্থী কঢ়িওৱা বাহনে চলন্ত ৰে’লত খুন্দিওৱাৰ ফলত তিনিগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হয়। এই মৰ্মান্তিক ঘটনাৰ বাবে দক্ষিণ ৰে’লৱেই ক্ষমা বিচাৰি ৰে’ল গেটত কৰ্তব্যৰত গেটকিপাৰক নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰো হৈছে।
এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছতে এতিয়া ডি এম কেৰ মুখপাত্ৰ টি কে এছ এলাংগোভানে এই দুৰ্ঘটনাৰ সৈতে ভাষাক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে।
ডি এম কেৰ মুখপাত্ৰ টি কে এছ এলাংগোভানে কয়, ‘এই ঠাইত ইয়াৰ পূৰ্বেও এটা দুৰ্ঘটনা সংঘটিত হৈছে। ৰে’লৱেৰ বিষয়াসকলে নিজেই কৈছে যে কৰ্তব্যত থকা কৰ্মচাৰীজনে তামিল ভাষা জনা নাছিল বাবেই এনে হৈছে। তেওঁক দিয়া আদেশ তেওঁ বুজিব পৰা নাছিল। এতিয়া যি দুৰ্ঘটনা সংঘটিত হৈছে, সেই দুৰ্ঘটনাতো একেই। এনে গুৰুত্বপূৰ্ণ পদত স্থানীয় ভাষা জনা লোকক নিযুক্তি দিয়াটো সদায় ভাল আৰু ই সহায়ক হয়। ইয়াৰ দ্বাৰা অন্ততঃ জীৱন ৰক্ষা পৰে।’
ইফালে ৰে’লৱেৰ তৰফৰ পৰা কোৱা হয় যে পুৱা প্ৰায় ৭:৪৫ বজাত ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা স্কুল ভ্যানখনে কুড্ডালোৰ আৰু আলাপ্পাক্কামৰ মাজৰ ১৭০ নম্বৰ ৰেলৱে ক্ৰছিং গেট পাৰ হ’বলৈ চেষ্টা কৰে। ইয়াৰ সময়তে ৫৬৮১৩ নং ভিল্লুপুৰম-মাইলাদুথুৰাই যাত্ৰীবাহী ৰে’লৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ হয়।
নিউজ এজেন্সি পিটিআইৰ প্ৰতিবেদন অনুসৰি, ভ্যান চালকজনে বিদ্যালয় পোৱাত পলম নহ’বলৈ গেট পাৰ হোৱাৰ অনুমতি বিচাৰিছিল আৰু গেটকিপাৰে নিয়ম আৰু প্ৰট’কল উলংঘা কৰি গেট পাৰ হ’বলৈ অনুমতি দিছিল। গেটকিপাৰে নিয়ম অনুসৰি গেট খুলিব নালাগিছিল। আৰু সেইবাবেই এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।