পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ জৰিয়তে পেহেলগাম ঘটনাৰ তদন্ত কৰাৰ দাবী জনোৱা হৈছিল এই আবেদনখনত। আদালতে আবেদনকাৰীক ধমক দি দায়িত্বশীলভাৱে কাম কৰিবলৈ আহ্বান জনায়।
আবেদনকাৰীৰ হৈ অধিবক্তাই বিষয়টো উত্থাপন কৰাৰ লগে লগে ন্যায়াধীশ সূৰ্যকান্ত আৰু এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠে তেওঁক প্ৰশ্ন কৰে যে কেতিয়াৰ পৰা ন্যায়াধীশসকল তদন্তৰ বিশেষজ্ঞ হৈ পৰিল? তেওঁলোকৰ কাম হৈছে আইনী বিবাদ নিষ্পত্তি কৰা।
ন্যায়াধীশ সূৰ্যকান্তই লগতে কয়, ‘দেশৰ প্ৰতি আপোনাৰো কিছু কৰ্তব্য আছে। এই বিষয়ত সমগ্ৰ দেশ একত্ৰিত হৈছে। সশস্ত্ৰ বাহিনীৰ মনোবল হ্ৰাস কৰিব পৰা কথা ক’ব নালাগে।’
আদালতে কয় যে এইবোৰত এনে কোনো বিষয় নাই য’ত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে।
ইফালে আবেদনকাৰীয়ে জম্মু-কাশ্মীৰৰ বাহিৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বিষয়টো উত্থাপন কৰা সন্দৰ্ভত আদালতে কয় যে এই কথাটো আপোনাৰ আবেদনত ক’তো লিখা হোৱা নাই। যদি ছাত্ৰ-ছাত্ৰীৰ বিষয়ে কিবা ক’বলগীয়া আছে, তেন্তে উচ্চ ন্যায়ালয়লৈ যাওক।
উচচতম ন্যায়ালয়ত এই আৱেদন দাখিল কৰিছিল ফতেহ কুমাৰ চাহু, জুনাইদ মহম্মদ আৰু বিকি কুমাৰে।