ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত এগৰাকী মহিলা চিকিৎসকৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ এক অনন্য গোচৰ পোহৰলৈ আহিছে। সাধুৰ বেশত দুজন অচিনাক্ত লোক তেওঁৰ ক্লিনিকত প্ৰৱেশ কৰে। তাৰপিছত তেওঁক সম্মোহিত কৰি ধন দাবী কৰি পলাই যায়। ইতিমধ্যে চিকিৎসগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।
ৰায়পুৰৰ শংকৰ নগৰৰ সুধা সুৰজ ফাৰ্টিলিটি কেয়াৰ ক্লিনিকত সংঘটিত হয় এই ঘটনা। চিকিৎসগৰাকীয়ে জনাই যে ২৬ ছেপ্টেম্বৰৰ বিয়লি প্ৰায় ৩ বজাত তেওঁৰ এজন কৰ্মচাৰীৰ সৈতে বহি আছিল। সেই সময়তে সাধুৰ বেশত দুজন অচিনাক্ত লোকে খিৰিকীৰে ক্লিনিকত প্ৰৱেশ কৰে। চিকিৎসালয়ৰ ষ্টাফে তেওঁলোকক টকাৰ প্ৰস্তাৱ দিলে, কিন্তু অচিনাক্ত লোককেইজনে দাবী কৰে যে তেওঁলোকে কোনো ধৰণৰ টকা নিবিচাৰে।
তাৰ পিছত দুয়ো পোনে পোনে ডাক্তৰৰ কেবিনলৈ আগবাঢ়ে। ৰিচেপচনিষ্টে তেওঁলোকক ৰখাবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে পোনে পোনে ডাক্তৰৰ ওচৰলৈ গ’ল। ইয়াৰ পিছতে অভিযুক্তই চিকিৎসাৰ প্ৰস্তাৱ দিয়াৰ অজুহাতত চিকিৎসকৰ সৈতে কথা-বতৰা আৰম্ভ কৰে। এই সময়ছোৱাত চিকিৎসকৰ পৰা ব্যক্তিগত তথ্যও আহৰণ কৰিবলৈ ধৰে। কথা-বতৰাৰ সময়ত তেওঁলোকে মহিলা ডাক্তৰগৰাকীক সম্মোহন কৰে।
অভিযুক্তৰ নিৰ্দেশ মতে কৰি থাকে চিকিৎসগৰাকীয়ে। ইয়াৰ সুযোগ লৈ অভিযুক্ত দুজনে চিকিৎসকজনক প্ৰতাৰণা কৰি ইউ পি আইৰ জৰিয়তে ৯ হাজাৰ টকা নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰে। এই লেনদেন পৰমজিৎ কৌৰ নামৰ এগৰাকী মহিলাৰ বেংক একাউণ্টৰ পৰা কৰা হৈছিল। ইয়াৰ পিছতে অভিযুক্তই পলায়ন কৰে।
এই সমগ্ৰ ঘটনাটো চিচিটিভিত ৰেকৰ্ড হয়। পিছদিনা চিচিটিভিৰ ফুটেজ দেখিহে গম পায় যে তেওঁক প্ৰতাৰণা কৰা হৈছে। লগে লগে তেওঁ এই বিষয়টো আৰক্ষীক খবৰ দিয়ে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।







