এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইংৰাজীক আমেৰিকাৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে। দেশৰ অনুপ্ৰৱেশ আৰু বহুভাষিক সমাজৰ মাজত ঐক্য অনাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ট্ৰাম্পৰ এই সিদ্ধান্তৰ আঁৰৰ মূল কাৰণ হ’ল এক উমৈহতীয়া ভাষাই সমাজখনক শক্তিশালী আৰু ঐক্যবদ্ধ কৰি তোলে।
হোৱাইট হাউছে ট্ৰাম্পৰ কাৰ্যবাহী আদেশ জাৰি কৰি কয় যে ইংৰাজীক দেশখনৰ চৰকাৰী ভাষা হিচাপে নিৰ্ধাৰণ কৰাটো ‘বহুদিন পূৰ্বেই’ হ’ব লাগিছিল।
এই আদেশত কোৱা হৈছে যে এটা জাতীয় ভাষা হৈছে এক সংহত সমাজৰ ভিত্তি, আৰু আমেৰিকাৰ নাগৰিকসকলৰ বাবে এটা উমৈহতীয়া ভাষাত যোগাযোগ কৰাটো অতি প্ৰয়োজনীয়।
এই আদেশৰ জৰিয়তে ১৯৯০ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে কাৰ্যকৰী কৰা নীতি বাতিল কৰা হৈছে যিয়ে ফেডাৰেল সংস্থাসমূহক অইংৰাজী ভাষীসকলক সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছিল।
নতুন আদেশৰ অধীনত এতিয়া ফেডাৰেল সংস্থাসমূহক ইংৰাজীৰ বাহিৰে আন ভাষাত কিমান সহায় আগবঢ়াব সেইটো নিৰ্ণয় কৰাৰ কৰ্তৃত্ব দিয়া হৈছে।