শুল্কযুদ্ধক লৈ দেশ-বিদেশত চলি থকা বিতৰ্কৰ মাজতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ ভাৰতৰ সৈতে সম্পৰ্কক লৈ এক ডাঙৰ মন্তব্য কৰিছে। শুকুৰবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে সামাজিক মাধ্যম ট্ৰুথৰ জৰিয়তে এটা প’ষ্ট শ্বেয়াৰ কৰি ভাৰত আৰু ৰাছিয়াক চীনৰ হাতত হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ এখন ফটোও শ্বেয়াৰ কৰে।
প’ষ্টটোত ট্ৰাম্পে লিখিছে, ‘এনে লাগিছে যেন আমি ভাৰত আৰু ৰাছিয়াক ৰহস্যময়, আটাইতকৈ অন্ধকাৰময় চীনৰ হাতত হেৰুৱাই পেলাইছো। একেলগে তেওঁলোকৰ সুদীৰ্ঘ আৰু সমৃদ্ধিশালী ভৱিষ্যত হওক’।
উল্লেখ্য যে, শেহতীয়াকৈ চীনৰ টিয়ানজিন চহৰত অনুষ্ঠিত হোৱা সাংহাই সহযোগী সংস্থাৰ শীৰ্ষ সন্মিলনত মোদী, ভ্লাডিমিৰ পুটিন, জিনপিঙৰ লগতে বিভিন্ন দেশৰ কেইবাগৰাকী শীৰ্ষ নেতা একত্ৰিত হৈছিল।
এই শীৰ্ষ সন্মিলনখনক ট্ৰাম্পৰ কঠোৰ শুল্কৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা হিচাপে দেখা গৈছে। একেখন মঞ্চতে মোদী-পুটিন-জিনপিঙক একত্ৰিত হোৱা দেখি শংকিত হৈ পৰা ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ কৰা এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে।
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ট্ৰাম্পে কৰা মন্তব্যক আমাৰ ক’বলগীয়া একো নাই।