মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা আহিছে আৰক্ষীৰ বৰ্বৰতাৰ এটা গোচৰ। এই ঘটনাৰ ফলত আৰক্ষী বিভাগৰ ভাবমূর্তিক লৈ পুনৰ এবাৰ গুৰুতৰ প্রশ্ন উত্থাপন হৈছে। অভিযোগ অনুসৰি শুকুৰবাৰে পিপলানি থানাৰ অন্তৰ্গত ইন্দ্ৰপুৰী অঞ্চলত উদিত নামৰ এজন যুৱকক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাত তেওঁৰ মৃত্যু হয়।
আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা উদিত আছিল ভোপালৰ এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ ভাতৃ।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন অভিযুক্ত ক্ৰমে কনিষ্টবল সন্তোষ বামনীয়া আৰু সৌৰভ আৰ্যৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি তেওঁলোকক নিলম্বন কৰা হৈছে। অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
এইমছ ভোপালত কৰা মৰণোত্তৰ পৰীক্ষাত অগ্নাশয়ৰ লগতে অত্যধিক ৰক্তক্ষৰণৰ বাবে উদিতৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মৃতকৰ মৃতদেহত লাঠী আঘাতৰ চিনো পোৱা গৈছে।
ঘটনাৰ বিৱৰণ অনুসৰি, ১০ অক্টোবৰৰ নিশা প্ৰায় ১:৩০ বজাত ইন্দ্ৰপুৰীৰ এখন বাগিচাৰ সমীপত এখন গাড়ীত উদিতে নিজৰ বন্ধুবৰ্গৰ সৈতে পাৰ্টি কৰি আছিল। সেই সময়তে টহল দি থকা কনিষ্টবল সন্তোষ বামনিয়া আৰু সৌৰভ আৰ্য আহি উপস্থিত হয় ঘটনাস্থলত।
অভিযোগ অনুসৰি আৰক্ষীয়ে তেওঁলোকক অকথ্য গালি-গালাজ কৰাৰ লগতে ১০ হাজাৰ টকাৰ উৎকোচ দাবী কৰে। ধন নিদিলে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ দিয়ে।
আৰক্ষীৰ ভয়ত উদিত গাড়ীৰ পৰা নামি ওচৰৰ এটা ৰাস্তাৰে দৌৰি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষী দুজনে তেওঁক খেদি খেদি লাঠিৰে তীব্ৰ প্ৰহাৰ কৰে। প্ৰহাৰৰ পিছত উদিতে অত্যদিক বমি কৰি অস্থিৰ হৈ পৰে। প্ৰায় ডেৰ ঘণ্টাৰ পিছত তেওঁক এইমছ ভোপাললৈ লৈ যোৱা হয়, য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।
এই সমগ্ৰ ঘটনা চিচিটিভি ফুটেজৰ জৰিয়তে ভাইৰেল হৈ পৰাত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে।