আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অতি উলহ মালহেৰে পালন কৰা হব ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ। ভ্ৰাতৃত্ববোধ আৰু ঐক্যৰ নিদৰ্শন দাঙি ধৰা এই উৎসৱ সমগ্ৰ দেশৰ মুছলমান ভাই-ভনীসকলে অতি উৎসাহ আৰু আনন্দেৰে উদযাপন কৰিব ঈদ।
ঈদ-উল-ফিটৰ উপলক্ষে বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ঈদৰ আনন্দ। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে মছজিদলৈ গৈ নামাজ আদায় কৰিব। ঈদ উপলক্ষে ৰাজ্যৰ ঠায়ে-ঠায়ে উপলব্ধ হৈছে বিভিন্ন সুস্বাদু মিঠাই।মুছলমান ভাই-ভনীসকলে পৰিধান কৰিছে নতুন পোছাক।
পৱিত্ৰ ৰমজান মাহত ১ মাহ ধৰি ৰোজা বা উপবাস ৰাখে বহু ইছলাম ধৰ্মাৱলম্বী লোকে। সংযম, সততা আৰু সদ্ভাৱনাৰে এমাহ ৰোজা ৰখাৰ পিছত সকলোৱে পালন কৰে পৱিত্ৰ ঈদ। ইতিহাসৰ মতে, এই উৎসৱৰ আৰম্ভণি কৰিছিল স্বয়ং ইছলামৰ নবী হজৰত মহম্মদে।
সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল–মাখল পৰিৱেশ। প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। সমূহীয়া নামাজৰ বাবে সজাই পৰাই তোলা হৈছে ঈদগাহসমূহ। নামাজৰ বাবে পুৱাই ঈদগাহসমূহত সমবেত হৈছে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকল।